পৃষ্ঠা:লভিতা.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[পঞ্চম অঙ্ক-৪ৰ্থ দৰ্শন
 
 

ডাঃ হাজঃ। মূৰ দুপিয়াই গৈ আগৰ ঠাইত বহেগৈ৷
লভিতাহঁতৰ ফালে ভালকৈ ভৰিৰ পৰা মূৰলৈকে নিৰীক্ষণ কৰি)

তোমালোক অসমীয়া ছোৱালী?

লভিতা। হয়।

লেঃ বৰুৱা। তোমালোকৰ ঘৰ ক'ত আছিল?

লভিতা। মোৰ গোলাঘাটত আৰু তেওঁলোকৰ এওঁ তেজপুৰৰ আৰু তেওঁ নগাঁৱৰ।

লেঃ বৰুৱা৷ তোমালোকে নাৰ্ছ কাম কিমান দিনৰ পৰা কৰিছা?

লভিতা। ধৰা পৰাৰ তিনি মাহ আগৰে পৰা।

লেঃ বৰুৱা। তোমালোকে কেনেকৈ যুদ্ধৰ কামত আহিবলৈ পালা?

লভিতা। বহুতো অসমীয়া ছোৱালী এই কামত ভৰ্ত্তি হৈছে ম-মই (অলপ ৰৈ) ময়ো।

লেঃ বৰুৱা। লভিতালৈ টানকৈ চাই যুদ্ধলৈ ভয় নাইনে তোমালোকৰ?

লভিতা। ভয় কৰিলেনো আমি যুদ্ধৰ পৰা সাৰিব পাৰিম জানো? আমাৰ গাঁৱৰ চোতালে-পথাৰে যুদ্ধ৷ অসমীয়া কত’ লৰা-ছোৱালীয়ে কংগ্ৰেছৰ ভলণ্টিয়াৰ হৈ লাঠী খাই, গুলি খাই মৰিছে। আমিনো তাৰু ভয় কৰিবলৈ’ কিটো আছে?

৮৬