পৃষ্ঠা:লভিতা.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[পঞ্চম অঙ্ক-৪ৰ্থ দৰ্শন
 
 

হাজঃ। (থিয় হৈ। হয় মই ডাক্তৰ হাজৰিকা৷ (তাৰ পিছত ভালকৈ চায়) এ আপুনি দেখোন আপুনি—?

লেফঃ বৰুৱা। এৰা ময়েই। (সকলোৱে লেফঃ বৰুৱাৰ ফালে চায় আৰু বৰুৱা আগবাঢ়ি আহি ডাক্তৰ হাজৰিকাক সাৱট মাৰি ধৰে।)

ডাক্তৰ হাজঃ। আপুনি পিছে?

লেফঃ বৰুৱা। মই শিঙাপুৰত আছিলো। মই তাতেই ধৰা পৰো। তাৰ পিছত আমাৰ নেতাজী বসুৰ আজাদ্-হিন্দ্-ফৌজত সোমালো।

ডাক্তৰ বৰুৱা। আজাদ্ হিন্দ্ ফৌজত?

লেফঃ বৰুৱা। এৰা, এতিয়াতো এই সুবিধাতেই আমি ভাৰতৰ স্বাধীনতাৰ বাবে চেষ্টা কৰিব লাগিব। বৰ্ত্তমান আজাদ হিন্দ্ ফৌজত প্ৰায় কেবা লাখো সু-শিক্ষিত সৈন্য হৈছে। ভাৰতৰ সকলো প্ৰদেশৰে বঙালী, বিহাৰী, পাঞ্জাৱী, মাৰাঠী, শিখ, পাঠান, মাদ্ৰাজী আদি সকলোৱে আছে। আমাৰ অসমীয়াহে মাথোন প্ৰায় ১৮ জন মান। অন্ততঃ ১০০ মান হলেই। আপোনালোকৰ ৰেজিমেণ্টটোত কিমান?

ডাক্তৰ হাজঃ। ইয়াত আমাৰ প্ৰায় ২০০ ৰ ওপৰ৷ আমাৰ লগত ৪ জনী অসমীয়া   ধৰা পৰিছে। সিহঁতক হাস্পতালত ঠাই দিছে।

৮৪