পৃষ্ঠা:লভিতা.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ দৰ্শন

উত্তৰ বৰ্ম্মাৰ মিটচিনা নামৰ এটা উৰাজাহাজৰ ঘাঁটি। জাপানী দখলত, তাত জাপানী নিছান উৰিব লাগিছে৷ দূৰৈত এয়াৰ-ড্ৰমৰ ঘৰবোৰ দেখা গৈছে আৰু ডাঙৰ ডাঙৰ বিমান মাটিত পৰি থকা দেখা গৈছে। কিছু দূৰণিত এটা পেগডাও জিলিকি আছে৷
সেই ঠাইতে “অসম ৰেজিমেন্ট”ৰ এদল সৈন্য বহি আছে। মাটিত, সিহঁতৰ মাজত ডাক্তৰ হাজৰিকাহঁতকো দেখা গৈছে। জাপানী বেয়নেট ধাৰী কেইটামান সৈন্যই সিহঁতক পহৰা দি আছে।
সিহঁত যদিও বন্দী অৱস্থাত আছে তথাপি সিহঁতে কথা-বতৰা পাতি আছে সিহঁতৰ ভিতৰতে। আৰু চিগাৰেট ইত্যাদি খাই আছে।
ইহঁতক কহিমাৰ পৰা বন্দী কৰি আনি এয়াৰ ড্ৰমত পহৰাত ৰাখি কাম কৰোৱাইছে আৰু এতিয়া জিৰণি লবলৈ দিছে।
সিহঁতৰ ওচৰেদি এয়াৰ ড্ৰমত কাম কৰা বৰ্ম্মা পোছাক পিন্ধা মানুহ এটা দুটা অহা-যোৱা কৰিছে। কেতিযাবা দুই এজনী বাৰ্ম্মিজ ছোৱালীও সেইফালেদি গৈছে।

ডাঃ হাজঃ৷ (চিগাৰেট হোপা মাৰি) মই ডাক্তৰ মানুহ। মোক্‌নো বাৰু ইহঁতে মাটি কটা কামত লগাব পায়নে?

কেঃ সেনাপতি৷ আপোনাক পিছে দুই এদিনতে হাস্পতাললৈ নিবই নিব। আপোনাৰ ৰেহৰূপ চাই লৈছে, তাক চাবলৈহে মাটি কটোৱাতে লগাইছে।

৮০