পৃষ্ঠা:লভিতা.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৰ্শন

কহিমাৰ বাট। ঘোৰ অন্ধকাৰ। জাপানী আহি কহিমা সোমাইছে। ভীষণ হতাহতি যুদ্ধ চলিব লাগিছে। মেচিন-গানৰ অনবৰত ৰু-ৰুৱনি। মাজে মাজে বৰতোপৰ ভীষণ শব্দ। আন্ধাৰ বাটেদি মানুহ সৈন্য ইত্যাদিয়ে লৰাধপৰা কৰিছে। এনেতে এদল বৃটিছ সৈন্য আৰু জাপানী সৈন্যই বন্দুকেৰে হতাহতি যুদ্ধ কৰি সেই ফালেদি যায়। ভীষণ চিঞঁৰ বাখৰ। মৰা মৰে, যুদ্ধ কৰাই যুদ্ধ কৰে। এই দৰে ভীষণ যুদ্ধ চলি থাকে।
ৰাতি পুৱাই আহে। পোহৰ হৈ অহাৰ লগে লগে তাত বহুত মৰা সৈন্য পৰি থকা দেখা যায়। সিফালে যুদ্ধ চলিয়েই থাকে। মেচিন গান শব্দই ৰু-ৰুৱাবই লাগিছে।

এদল জাপানী সৈন্যই এদল বৃটিছ সৈন্য আৰু এজন বৃটিছ কমাণ্ডাৰক বন্দী কৰি লৈ যায়। তাৰ পিছত কেইটামান জাপানীয়ে বেয়নেট দেখুৱাই কেইজনীমান নাগিনী ছোৱালী সেইফালেদি লৈ যায়। তাৰ পিছত কেইটামান জাপানী সৈন্য সেই ফালেদি আহে, আৰু হঠাতে কৰবাৰ পৰা কেইটামান গুৰ্খা ওলাই সিহঁতৰ লগত পিস্তলেৰ যুদ্ধ কৰে। জাপানী দুটা মৰে। এনেতে কেইটামান জাপানী আহি বন্দুকেৰে গুলিয়াই গুৰ্খা কেইটাক পেলাই দিয়ে। কেইটামান জাপানী সেইফালে লৰি আগলৈ গুলি চলাই চলাই যায়৷ তাৰ পিছত এদল জাপানীয়ে এদল অসম “ৰেজিমেন্ট”ৰ মানুহ আৰু তাৰ লগতে ডাক্তৰ হাজৰিকা, কেঃ সেনাপতি আৰু কেপটেন শৰ্ম্মাক বন্দী কৰি লৈ যায়হি। তাৰ পিছত দুটা জাপানীয়ে মাজত সুমুৱাই লভিতাক সেই ফালেদি লৈ

৭৭