কেলৈ থাকিব। চাওকচোন বাৰু আই! অত দুখখন কৰি খেতি কৰি ভঁড়াল কেইটা ৰান্ধিছো। ডকাইত আই। দিন-ডকাইত। সিফালে মিলিটেৰীয়ে বোমা দিয়ক, জাপানীয়ে দেশ খচকক, গান্ধীৰ মানুহে লৰা-ছোৱালীবোৰ বলিয়া কৰিলে। ধান-চাউল পাবলৈ নাইকিয়া কৰিলে। ইফালে কমিনিষ্টে ভঁড়ালৰ ধান, গোহালিৰ গৰু কাঢ়ি নিয়ক। হ’ল আৰু আই! ঘোৰ কলি আই! ঘোৰ কলি পালেহি।
লভিতা। (ভিতৰৰ পৰা) গাঁওবুঢ়া ককাই! কি কলিকালৰ কথা কৈছা। গান্ধী মাহাত্মাইনো কি বেয়া কাম কৰিছে। আমাৰ দেশক গচকি গচকি সাত সাগৰৰ পাৰৰ ইংৰাজহঁতে ঢাহিমুহি খালে। সোপাকে সিহঁতৰ দেশলৈ কঢ়িয়াইছে। গান্ধীয়ে তেও সিহঁতক আমাৰ দেশ এৰি দিবলৈহে কৈছে। আমাৰ মানুহক লোকৰ তলতীয়া বহতীয়া গোলাম হৈ নাথাকি নিজে নিজে স্বৰাজ কৰিবলৈহে কৈছে।
মৌজাদাৰনী।(মুখ বিকটাই, চকুৰে গাঁওবুঢ়াক ঠাৰ মাৰি উপলুঙাসূচক ভঙ্গী কৰে)৷
গাওঁবুঢ়া। অ’ হয়তো! হয়তো। ৰজাৰ বিৰুদ্ধে উঠি অতপালি কৰিছে। মহাৰাণীৰ ৰাজ্যত এনে অময়া সুখত থাকি ইহঁতক ভূতে কিলাইছে ৷
মৌজাদাৰনী। তপত ভাতত ধোঁৱাই খায় বুজিছা গাঁওবুঢ়া।
গাঁওবুঢ়া। হয়তো আই! এনে মহাৰাণীৰ ৰাজ্য, লাগ বুলিলেই