কটিয়া। ক’ত পালো আই—সৌ এঙাৰ কেইটামানত ফিৰিঙতি এটা সুমুৱাই ফুৱাঁই ফুৱাঁই আনিছো।
মৌজাদাৰনী৷ তোক মই ৰাতিপুৱাই শুকান খৰি কেইডালমান আনি দিবলৈ কৈছিলো নহয়?
কটিয়া। কলেইনো মই ক’ত পাওঁগৈ শুকান খৰি।
মৌজাদাৰনী। (খঙত টিকচি বিকচি উঠি) কটা ‘বদমাছ’! কটা ডগাবাজ! তোৰ দেখোন বৰ বৰ কথা? তই মোক চিনি পোৱা নাই?
এই বুলি তাতে থকা ছজিনা এডাল লৈ কতীয়াক মাৰ শোধাই দিয়ে। কতীয়াই হাঁওঁ হাওঁকৈ যিমান পাৰে সিমান কান্দিবলৈ ধৰে। বঙলাৰ ভিতৰৰ পৰা মৌজাদাৰে “হেৰ কি হ’ল? হ’ল কি?” বুলি ওলাই আহে।
মৌজাদাৰনী। (বকিবলৈ লাগি) ক’ৰ জানো এই বাৰে-বাংকৰা মানুহ বুটলি ফুৰিব। এইটো কটা মাক-বাপেকৰ ঠিক নোহোৱা খাইমূৰাটো ঘৰত সুমুৱালেহি-কথা এটা নুণ্ডনে। ৰান্ধনিঘৰৰ পৰা কল, গাখীৰ, চেনি, দৈ চুৰ কৰি খাই খাই নাইকিয়া কৰিলে। কাম এটালৈ পাচিলে তাতে মৰি থাকিবগৈ। কথা এটা সুধিলে ভেকাহি মাৰিব। কটা হেৰামজেদা ! বদমাছ! (বুলি কতীয়াক খেদা মাৰে। কতীয়াই