পৃষ্ঠা:লভিতা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৰ্শন


এমাহ পিছত। গঙ্গাৰাম বৰুৱা মৌজাদাৰৰ ঘৰ। তেওঁ লহৰ-জান মৌজাৰ মৌজাদাৰ। মৌজাদাৰৰ ঘৰৰ পাছৰ চোতাল। মৌজাদাৰৰ বঙলা-ঘৰ আৰু ৰান্ধনি ঘৰৰ মাজতে এই চোতাল। ষ্টেজৰ সোঁফালে বঙলাঘৰৰ পাছফালৰ বাৰান্দাখন দেখা গৈছে। ৰান্ধনি ঘৰটো খেৰৰ আৰু বাঁহৰ খুটাৰ। ৰান্ধনিঘৰৰ বাৰান্দাত বহি মৌজাদাৰনীয়ে আগত শাক-পাচলিৰ খৰাহি এটা লৈ শাক পাচলি কুটিছে। ওচৰতে এখন মৈদা আৰু থাল, খৰাহি, পাচি ইত্যাদি। দুৱাৰেদি ৰান্ধনিঘৰৰ পৰা অলপ অলপ ধোঁৱা আহিছে ৷ চোতালেদি মৌজাদাৰৰ চাকৰ, হালোৱা ইত্যাদি মানুহ মাজে মাজে অহা যোৱা কৰিছে। বঙলাঘৰৰ ভিতৰৰ পৰা মৌজাদাৰৰ গলগলীয়া মাত শুনা যায়।

“হেৰ কোন আছ! ধপাত এচিলিম্ আন অ !”

মৌজাদাৰনী। (মূৰ ডাঙি) হেৰ কতীয়া-অ’ কতীয়া! (উ-উ বুলি কতীয়াই দুৰৰ পৰা মাতে।)

(মৌজাদাৰনীয়ে শিঁয়াৰি) উ-উ কটা চুৱাখোৱা-বান্দৰ- ক’ত মৰিছগৈ-ধপাত খুজিছে কব নোৱাৰনে? মাতিলে

৩৪