পৃষ্ঠা:লভিতা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অঙ্ক
প্ৰথম দৰ্শন


ফুল-গুৰি গাঁৱৰ এটা হাবিতলীয়া বটি। সন্ধিয়া লাগি আন্ধাৰ হৈছে। বহুত দূৰৈত ইংৰাজী সুৰৰ সুহুৰি। মাজে মাজে উৰা-জাহাজৰ শব্দ। হাতত টচলাইট্ লৈ বাট্ চাই চাই এ, আৰ, পি পোছাকত গোলাপে লভিতাক ধৰি লৈ আহে। লভিতাক কান্দি উচুপি থকা দেখা যায়।

লভিতা। (কিছুদূৰ আহো নাহোকৈ আহি হঠাৎ থমকি ৰৈ হুক হুক কৈ কান্দিবলৈ ধৰে। পিছত উচুপি উচুপি) ম-মই মৌজাদাৰৰ ঘৰলৈ নাযাওঁ। গোলাপ ককাইদেউ! মই নাযাওঁ।

গোলাপ। (বুজনি দিবলৈ চেষ্টা কৰি) উস্ বাৰে বাৰে একে কথা। লভিতা! তুমি নুবুজা কিয়? আজি হঠাৎ তুমি যি অৱস্থাত পৰিছা তালৈ চাই আৰু তুমি আগৰ দৰে চলিব নোৱাৰা নহয়। এতিয়া চকুকাণ মুদি প্ৰাণটো আৰু ইজ্জতটো ৰাখিব পাৰিলেই হৈছে। যুদ্ধৰ যি বিষম অৱস্থা আৰু বা কি হয়—একো কব নোৱাৰি। সেই কাৰণে বৰ্ত্তমান তুমি মৌজাদাৰৰ ঘৰতে কোনোমতে গোজা মাৰি থাকা।তাৰ পিছত অৱস্থা চাই কিবা এটা কৰিব লাগিব।

৩২