পৃষ্ঠা:লভিতা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[প্ৰথম অঙ্ক-৩য় দৰ্শন
 
 

গৰু খেদোৱাদি খেদাই পঠিয়াই সিহঁত ক’ত থাকিব কি খাবগৈ তাৰ কি দিহা কৰিছা?

পুঃ চাহাব। আমি জাপানীৰ লগত ঢাৱা কৰিছে। ইমানবোৰ গাঁৱলীয়া মানুহক কেনেকৈ খবৰ কৰিব?

লভিতা। অতবোৰ লাখ লাখ চিপাহীৰ তোমালোকে থকা-মেলাৰ সুবিধা ৰাতিটোৰ ভিতৰতে কৰিব পাৰা, গাঁওকেইখনমানৰ কৰিব নোৱাৰা ৷ আন নহলেও অকণ অকণ লৰা-ছোৱালীবোৰৰ ৷

পুঃ চাহাব। হামি টোমাৰ লগত তৰ্ক কৰিবলৈ অহা নাই; হামি টোমাক কৈছে ইয়াৰ পৰা যাব লাগে হামি দুচুৰা বাত নাই জানে।

লভিতা। নাই জানে নাই জানে, তেনে কোনে জানিব? গৱৰ্ণমেণ্ট হৈ প্ৰজাৰ বাত নাই জানিলে কোনে জানিব ?

পুঃ চাহাব। (খং কৰি) বেছি বক্ বক্ মত কৰ। টুম বহুত বাত্ বল্‌তা হ্যায় ।

লভিতা।(কান্দি কান্দি) কি বক্ বক্ কৰাৰ কথা কৈছা। অন্যায়--অন্যায়। তোমালোকে অন্যায় কৰিছা।

পুঃ চাহাব। চুপ, চুপ, চুপ ৰহৌ ।

লভিতা খঙত একো নাই হৈ৷ নাই ৰহেগা, চুপ্ নাই-নাই-নাই ৰহেগা ।

পুঃ চাহাব। (গৰ্‌জন কৰি) যাও যাও যাও বদমাছ্ ডেম্ চোৱাইন্। গুলী কৰেগা।

৩০