পদে পদে দেখুৱাই ফুৰিব লাগে—তেন্তে কেনেকৈ হব? জাপানীৰ দৰে দুৰ্দান্ত শত্ৰুক কোনোমতে গৱৰ্ণমেন্টে যুঁজ কৰি ৰাখিছে। গঁঞাৰ ভালৰ কাৰণেই গৱৰ্ণমেন্টে আঁতৰি যাবলৈ কৈছে। নহলে জাপানী বোমাৰ কোবত ৰাইজ ধূলি হৈ উৰিব। গঁঞাই নিজে হাত ভৰি লৰাই ক’ত থাকিব, কি কৰিব তাৰ উপায় উলিয়াই লব লাগে নহয়—গৱৰ্ণমেণ্টনো কিমান কৰিব? ৰাইজে বুজিব লাগে নহয়। উঠক, উঠক ৰাইজ! মিছাকৈয়ে সময় নেখেদাব।
(লভিতালৈ চায়-ওচৰলৈ গৈ) পিছে আইদেউ! কান্দি-কাতি থাকিলেনো কি হব? যাব লাগে আইদেউ! যাব লাগে।
লভিতা। (চকুৰ পানীৰে বহুত পৰ ইন্স্পেক্টৰৰ মুখলৈ চাই থাকে।) ক—লৈ যাম? থাকিম... ক’...ত?
ইন্স্পেক্টৰ। আইদেউ! তাৰ ব্যৱস্থা তুমি নিজেই কৰি লোৱাগৈ। কত ওচৰৰ গাঁও আছে, মানুহ আছে, সেইবোৰতে কিবা এটা কৰি থাকিব লাগিব।
লভিতা। এতিয়া লোকৰ ঘৰে ঘৰে খুজি-মাগি খাবলৈ যাম। নাযাওঁ নাযাওঁ। পিতাইৰ ইয়াতেই সকলো শেষ হ’ল। ময়ো ইয়াতেই পৰি নাখাই নবৈ মৰিম।
ইন্স্পেক্টৰ। বুজালেও যদি মানুহে নুবুজে তেন্তে আৰু কি উপায়?