ডিউটি নহয়। আমাৰ কেৱল বোমা-পৰা মানুহবোৰক শুশ্ৰুষা কৰাহে ডিউটি।
লভিতা। (খঙত দাত কামুৰি) যা, যা পপীয়া, যা। যত বোমা পৰি আমেৰিকানহঁত মৰিব ধৰিছে তালৈ যা আমাৰ ওচৰলৈ কিয় আহিছ?
এ, আৰ, পি। খং নেদেখুৱাবি ছোৱালী! তোৰ নিচিনা বহুত দেখিছো। এতিয়াই মিলিটেৰী বাপেৰহঁত আহি ধুন দেখুৱাবহি ৰ–
এই বুলি গৰপ গৰপকৈ এ, আৰ, পি গুচি যায়। লভিতাই ভেটিত বহি হুক্ হুক্কৈ কান্দিবলৈ ধৰে। অলপ পিছত এজন পুলিচ ইন্সপেক্টৰ আৰ্ম পুলিচ লৈ সোমাই আহে।
পুলিচ ইন্স্পেক্টৰ। (মানুহবোৰলৈ চাই) অ’ তোমালোক দেখোন ইয়াত আহি ভেম মাৰি বহি আছাহি? মানুহে ভালেৰে কলে কথা নুশুনে। কেলৈ শুনিব, কপালত দুখ আছে নহয়।
এজন মানুহ। ইন্স্পেক্টৰ বাবু' যাবলৈতো কৈছে। পিছে যাওঁ কলৈ কওকচোন? ধান, চাউল, পাই-পইচা হাতত এটিও নাই। কালিৰ পৰা মিলিটেৰী চিপাহীখনে যি হুহুমুহিখন লগাই দিছে–ক’ৰ বস্তু কলৈ গ’ল, ক’ৰ বাহানি কলৈ গ’ল, তাৰ ঠিকনা নাই। যাওঁৱেই বা কলৈ?
পুলিচ ইন্স্পেক্টৰ। এতিয়া যদি গৱৰ্ণমেন্টে, পুলিচ মিলিটেৰীয়ে কলৈ যাব, ক’ত থাকিব তাকো সৰু ল'ৰা-ছোৱালীৰ দৰে