পৃষ্ঠা:লভিতা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৰ্শন

লভিতাহঁতৰ ঘৰ। ঘৰৰ পোৰা ভেটিটোৰ মাজতে লভিতা বহি মূৰ গুজি ফেকুৰি ফেকুৰি কান্দি আছে৷ চোতালত ২৷৪ জন গাঁৱৰ পৰা খেদা-খোৱা মানুহ টালি-টোপোলা লৈ আমন-জিমনকৈ বহি হুমুনিয়াহ পেলাইছে। এনেতে এজন গাঁৱলীয়া এ, আৰ, পি ভলণ্টিয়াৰ সোমাই আহে।

এ, আৰ, পি। ৰাইজসকল! আপোনালোক ইয়াৰ পৰা সোণকালে য’ক। গাঁৱৰ প্ৰায় সকলো মানুহ গ’ল। আপোনালোকে কিয় নোযোৱাকৈ আছে?

চোতালৰ মাহ এজন। “হে ঈশ্বৰ যাওঁ কলৈ? ক’তনো মূৰটো থমগৈ।”

এ, আৰ, পি। সেইবোৰ আং বাং বকি থাকিলেনো কি হব? গৱৰ্ণমেণ্টৰ হুকুম, যাবই লাগিব। যদি নাযাৱ, এতিয়াই মিলিটেৰী পুলিচ আহি ডিঙিত ধৰি গতিয়াই কোবাই কিলাই খেদাই দিবহি।।

(লভিতাই থিয় হৈ চকুপানীৰে খঙত কয়।)

লভিতা। বুজিছা তোমালোক পগলা হৈছা। কি মিলিটেৰী, মিলিটেৰী কৰি ভয় দেখুৱাইছা? তোমালোক আমাৰ

২৫