দিয়ে কিয়? ইহঁতে নিৰস্ত্ৰ ছোৱালীবোৰকহে গুলীয়াব খোঁজে....।
পুঃ চাহাবঃ ঘটনা কি?
লভিতাঃ ঘটনা আৰু কি হ’ব? ই পিষ্টলটো উলিয়াই মোক গুলীয়াব খুজিছিল। সেইকাৰণে মই পিষ্টলটো তেওঁৰ হাতৰ পৰা কাঢ়ি ওভোতাই তেওঁকেই গুলীয়াব খুজিছিলোঁ!
পুঃ চাহাবঃ তোমালোক কংগ্ৰেছ আৰু গান্ধীৰ মানুহবোৰ অহিংস, তেন্তে কেলেই তুমি মানুহ মাৰিব খুজিছিলা?
লভিতাঃ চাহাব, মই কংগ্ৰেছৰ মানুহ নহওঁ, গান্ধীৰ মানুহো নহওঁ, একো নহওঁ। মই গাঁৱলীয়া ছোৱালী।
পুঃ চাহাবঃ তেন্তে তোমাৰ হাতত কংগ্ৰেছৰ ফ্লেগ কিয়? তেন্তে কিয় তুমি পুলিচৰ লগত কাঁজিয়া কৰিছা?
লভিতাঃ চাহাব, মই ঘৰৰ ছোৱালী ঘৰত আছিলোঁ। এই দাৰোগা আৰু পুলিচ কেইটাই এই ছোৱালীবোৰ মোৰ চোতাললৈ খেদি আনি সৌ অকণমান ছোৱালীজনীক মাৰি মাৰি আধাধুনা কৰিলে। তেতিয়া মই সহিব নোৱাৰি বাধা দিছোঁ আৰু পৰি যোৱা ছোৱালীজনীৰ হাতৰ পৰা নিচানখন লৈছোঁ। তেতিয়া মোক দাৰোগাই পিষ্টল উলিয়াই গুলী কৰিব খুজিছিল, তেতিয়া মই থাপ মাৰি পিষ্টলটো লৈ তাৰ বুকুৰ আগত ধৰিছিলোঁ। পিছে চাহাব! সি নমৰিলহেঁতেন, কাৰণ পিষ্টলটো ক’ত টিপা মাৰি ফুটাব লাগে, চাহাব, সেইটো মই নাজানোঁ।
১৮