দাৰোগা। পেন্দুকণা ছোৱালী! তোৰ কলিজা দেখোন বৰ ডাঠ—বেটী—
এই বুলি নিচানৰ পৰা হাত এৰি অলপ আঁতৰি চিপাহী কেইটাক কয় “মাৰ কুকুৰনীহঁতক মাৰ”। গৰোগাই নিজৰ ককালৰ ৰুল মাৰি উলিয়াই মাৰিবলৈ ধৰে। লগত থকা চিপাহী কেইটাই ৰৈ থাকে। হাতত নিচান লৈ থকা ছোৱালীজনী মাৰ খাই পৰি যায়। লভিতাই সকলো দেখি খঙত বাঘিনী জনী হৈ লৰ মাৰি আহি থাপ মাৰি নিচানখন লৈ বিজুলী সঞ্চাৰে দৰোগক ডিঙিত ধৰি গতা মাৰি পেলাই দিবে। মাৰ খাই পৰা ছোৱালীজনীক সোণ, হীৰাহঁতে ভিতৰলৈ নিয়ে। তাকে দেখি পুলিচ কেইটাই পাছ হুঁহকি যায়। খং আৰু বেজাৰত লভিতাই কবলৈ ধৰে।
লভিতা। ছিঃ ছিঃ ছিঃ! ইমান তললৈ গলি—ইমান নীচ
হলি। তহতে পুলিচ হৈছ— তিৰোতাক ৰক্ষা কৰিবলৈ,
দুৰ্ব্বলীক বল দিবলৈ মানুহক অত্যাচাৰীৰ পৰা এৰুৱাই
আশ্ৰয় দিবলৈ। কিন্তু কৰিছ কি? কৰিছ কি...?
অকণমান ছোৱালীজনীক তিনটা চাৰিটাই বৰমতা হৈ মাৰিবলৈ লাজ লগা নাই? তহতৰ পুৰুষালি এনেকুৱাই নেকি? ইমান নীচ—ইমান হীন—হাতত ক্ষমতা পাই
বলিয়া হলি পগলা হলি?
১৬