পৃষ্ঠা:লভিতা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অঙ্ক --১ম দৰ্শন।
লভিতা
 

হাতত নিচান লোৱা ছোৱালী। (বৰ উত্তেজিত হৈ)। চলাম চলাম। এশবাৰ চলাম। হাজাৰবাৰ চলাম গৱৰ্ণমেণ্ট। আমাৰ দেশ—আমাৰ মাটি আমাৰ নৈ—আমাৰ পৰ্ব্বত— আমাৰ আকাশ—সকলো আমাৰ। গাঁৱত ধান বানি আছিলো, বোকা খচকি ভূঁই ৰুই আছিলো, গৰু ৰখি আছিলো— এতিয়া গৱৰ্ণমেণ্ট চলাম – চলামেই চলাম। কিয় কিয় নচলাম। তহত পুলিচ দাৰোগা, হাকিম, বৰচাহাব, লাটচাহাব সকলোৱেই গাঁৱলীয়া ৰাইজৰ হুকুমমতে চলিব লাগিব। ইমান দিন বগা চাহাবৰ সৈতে লগ লাগি, আমাক গচকি গচকি খালি। এতিয়া নেৰিছো। বুজিছ— নেচোন চাওঁ— হাতৰ পৰা নিচান?

(এনেতে হঠাং দূৰৈৰপৰা কোনোবা ভলণ্টিয়াৰে গাই উঠে।)


গীত

অ’ আমাৰ গাঁও
অ' আমাৰ গাঁও
আমাৰ গাঁৱৰ মান ৰাখি
  মৰিবলৈ যাঁও
অ' আমাৰ গাঁও।

(হঠাৎ গীত নিমাত হয়।)

১৫