পৃষ্ঠা:লভিতা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
প্ৰথম অঙ্ক --১ম দৰ্শন
 

যুঁজিব লাগিব, মৰিব লাগিব, জিনিব লাগিব। দেশৰ ডেকা-ডেকেৰীৰ দল, দেশৰ নৱ যোৱানৰ দল সাজু, হব লাগিব। (গীত গায় তই কৰিব লাগিব অগ্নিস্নান)

 ভলণ্টিয়াৰ জনে গোটেই গীতটো গাই শেষ কৰাৰ পিছত দূৰৈত বৰ গণ্ডগোল শুনা যায়। ‘বন্দে মাতৰম’ ‘জয় ভাৰত কি জয়’, জনতাৰ মাজৰ পৰা ধ্বনি আহিবলৈ ধৰে। গোলামালৰ মাজতে দুবাৰমান বন্দুকৰ শব্দ শুনা গ'ল। ভলণ্টিয়াৰে গীত বন্ধ কৰি চক খাই উঠে— আৰু আটাইবোৰে থৰ লাগি আচৰিত হয়। ভলণ্টিয়াৰ জনে “সমদলৰ ওপৰত গুলী" বুলি তৎক্ষণাত নাইকিয়া হয় ,আকৌ বন্দুকৰ আৱাজ হয়। কোলাহল, মানুহৰ গণ্ডগোল তেনেই ওচৰ চাপি আহে। লভিতাহঁতে উত্তেজিত হৈ বাহিৰৰ ফালে চাবলৈ ধৰে। লভিতাহঁতে চোৱাৰ ফালে কিছুমান ভলণ্টিয়াৰ আৰু লৰা-ছোৱালী বেগেৰে ষ্টেজৰ ইফালে সিফালে যায়। সিহতৰ কোনো কোনোৰ গাত তেজৰ দাগ দেখা গৈছিল। বাহিৰত গণ্ডগোল চলি আছে। কাণ্ড-কাৰখানা দেখি লভিতা আৰু লগৰ ছোৱালী কেজনী নিজৰ ঘৰৰ দুৱাৰমুখত থুপ খালেগৈ।

 এনেতে এজুম ছোৱালীৰ মাজত এজনীৰ হাতত তিনি বৰণীয়া নিচান লৈ থকা সৰু ছোৱালীৰ সৈতে এজন দাৰোগা আৰু পুলিচে নিচান লৈ কঢ়া-আজোৰা কৰি সোমাই আহে। পুলিচৰ দাৰোগাই উগ্ৰমূৰ্ত্তি ধৰি কয়।

দাৰোগা। স্বৰাজ লাগে, স্বৰাজ লাগে। ফ্লেগ্‌‌ জোকাৰি জোকাৰি স্বৰাজ খাবলৈ আহিছ? গাঁৱত ধান বানোতে বানোতে জীৱন গল। এতিয়া গৱৰ্ণমেণ্ট চলাবলৈ আহিছ? তহঁতৰ জীৱ উলিয়াম।

১৪