পৃষ্ঠা:লভিতা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[প্ৰথম অঙ্ক-১ম দৰ্শন
 

এফালৰ পৰা গিলি নিছে। ফৰাছী দেশ ললে। য়ুৰোপৰো বহুত দেশ ললে। আমাৰ ইংৰাজবোৰকো তৰা-নৰা দেখুৱাইছে। এতিয়া এফালে ইংৰাজ, আমেৰিকা আৰু তাৰ লগতে ৰুছদেশ হৈছে—আনপক্ষে জাৰ্ম্মানী, ইটালী আৰু জাপানীহত। এইবোৰ কথা তোমালোকে জানা নহয়?

লভিতা। অঁ আমি অলপ-অচৰপ জানো।

ভলান্টিয়াৰ। অঁ এতিয়া এই দুই মহৰ যুঁজত আমি আমাৰ দেশ ৰাখিব লাগিব। ভয় খালে নচলিব। সাহ কৈ নিজৰ স্বাধীনতাৰ বাবে ওলাব লাগিব। তোমালোকে ভয় খাইছা নেকি?

(লভিতা মনে মনে থাকে।)

ৰূপ। (অলপ আগবাঢ়ি আহি) আপুনি ভয় খাইছে নেকি?

ভলণ্টিয়াৰ। (অলপ অপ্ৰতিভ হৈ) মই! মই নাই খোৱা। কিয় খাম?

ৰূপ। আমিনো কিয় খাম?

ভলণ্টিয়াৰ। কিয় এইবোৰ মিলিটেৰী নিগ্ৰো-চিপাহী সৈন্য- সামন্ত চলিব লাগিছে।

ৰূপ। চলিছে চলিছে। আমাৰ ভয় খোৱাৰ কিটোনো হৈছে?

ভলণ্টিয়াৰ। তোমালোকৰ দেখোন বৰ সাহ।

ৰূপ। তাৰ মানে আপনি ভয় খাইছে...?

সেইহে আমাকে ভয় খাইছে বুলি ভাবিছে।

১০