পৃষ্ঠা:লভিতা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অঙ্ক-১ম দৰ্শন
লভিতা
 

পাৰিছে? ঢাল, তৰোৱাল নাই—ইফালে উত্ৰাৱল হৈ ফুৰিলে জানো সিহতে দেশ এৰিব?

লভিতা। গান্ধী মহাত্মাই কৈছে বোলে এইদৰে আমি স্বৰাজ লাগে বুলি সিহঁতৰ অত্যাচাৰ মূৰ পাতি লৈও স্বৰাজৰ কাৰণে সিহঁতৰ সৈতে ফেৰ পাতি সিহতৰ আইন নামানি সিহতৰ সৈতে জুই-পানী নুছুই থাকোতে থাকোতে পিছত গৈ, সিহঁতে তেতিয়াও বইচ্‌ মনাব নোৱাৰিলে আমাৰ কথা শুনিবগৈ।

ৰূপ। জানো বাইটী! সিহঁতৰ অত্যাচাৰ দেখিলে কেতিয়াবা যে সিহঁতৰ মন কুমলিবগৈ, তেনে মনে নধৰে। জানো বাইটী—

 এনেতে বাহিৰত এজন ভলণ্টিয়াৰে ‘বন্দে মাতৰম' ধ্বনি কৰে আৰু অলপ পিছতে এজন ডেকা, মূৰত গান্ধী টুপী আৰু গাত খদ্দৰৰ চোলা চুৰীয়া পিন্ধি সোমাই আহে।

ভলণ্টিয়াৰ। ঘৰত কোনোবা মুনিহ মানুহ আছেনে?

লভিতা। (নম্ৰভাৱে)। নাই - ঘৰত কোনো নাই। মইহে আছো।

ভলণ্টিয়াৰ। অ’ বাৰু—বাক তোমালোককে দুষাৰমান কৈ যাওঁ। পিছে দেশৰ কথা-বতৰাৰ কিবা বুজ-বতৰা ৰাখিছানে?

লভিতা। দেখিছোতো এইবোৰ হুৱাদুৱা। পিছে কি হবগৈ জানো?

ভলণ্টিয়াৰ। কি হব তাক এতিয়াও কব নোৱাৰি। জাৰ্মানীয়ে