পৃষ্ঠা:লভিতা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লভিতা ( ভেকাহি মাৰি )। যা যা, চুপতি নকৰিবি। তোলৈহে আনিছে।

(কেউজনী গাভৰুৱে খিল্ খিল্‌কৈ হাঁহে।)

সোণ। আমালৈ কেলৈ আনিব বাইটী! যালৈ মনত পৰি পৰি তেওঁৰ আমঠু ক’লা পৰিছে তেওঁলৈহে আনিব। বোলে --

বাইটী বাইটী চেনেহৰ আইটি
 বগৰি পাৰি দে খাওঁ,
আমাৰ আইটীৰে চুলি ফপৰীয়া
 গোন্ধ তেল ঘহি মেলাওঁ।

এটাই কেউজনীযে শিক্‌ খিকায়। লভিতাই চকুৰে খং দেখুৱাই ওঁঠৰে দাত কামুৰি মিচিকি হাঁহিৰে সিহতক খেদা মাৰে। কুকুৰ পোৱালীটোৱে আকৌ ভুক্ ভুক্ কৰে।

এনেতে হো হোৱাই ওপৰেদি এখন উৰাজাহাজ উৰি যায় আৰু সকলোৱে ওপৰলৈ চাই থৰ হৈ ৰয়। লাহে লাহে উৰা-জাহাজৰ শব্দ নাইকিয়া হয়।

হীৰা ( মুখত আতঙ্কৰ ভাব লৈ)। আজি দুদিনমানৰ পৰা দেখান উৰাজাহাজবোৰ বৰকৈ উৰিছে। কিবা এটা হব।

ৰূপ। ইহ আজি পিতাইৰ আগত গেৰেলা গাঁওবুঢ়াই কৈছিল বোলে জাপানীহতে হেনো মণিপুৰখন ঘেৰাও কৰি আছে আৰু বোলে কহিমাখনতো সোমালহি।