পৃষ্ঠা:লভিতা.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[পঞ্চম অঙ্ক-৪ৰ্থ দৰ্শন
 
 

এজনী নাৰ্ছ। লভিতা বাইদেউ! লভিতা বাইদেউ! মুকলিত নাথাকিবা। গুলি আহিয়েই আছে, আঁৰত থাকা।

দূৰৈত জয় হিন্দ্ জয় হিন্দ্ বুলি বিৰাট ধ্বনি হয়।

লভিতাই তাতে থিয় হৈ দূৰলৈ চাই আছে আৰু এনেতে দূৰৈত ভীষণ মেছিন গানৰ শব্দ হয়। মেছিন গানৰ এটা গুলি আহি লভিতাৰ বুকত লাগে। লভিতা পাক-ঘূৰণি খাই এবাৰ সিফালে এবাৰ ইফালে, এবাৰ আহি নিছানৰ তলত ধাঁচ কৰে পৰি যায়।

দূৰত আকৌ ভীষণ শব্দৰে জয় হিন্দ্ জয় হিন্দ্ বুলি ধ্বনি হয়।

টিলাৰ সিফালে থকা নাছ দুজনী উধাতু খাই আহি লভিতাক গবা মাৰি ধৰে৷

লভিতা। মোক—মো—ক—নিছানৰ তললৈ নি—য়া। মোক,—নিছানৰ তলত—।

নাৰ্ছ দুজনীয়ে লভিতাক ধৰি নিছানৰ তললৈ লৈ যায়। লভিতাই তলত বহি নিছানৰ খুটাটোক সাৱট মাৰি ধৰি মূৰটো তাতে থয়। নাৰ্ছ এজনীয়ে লৰালৰিকৈ কিবা দৰব আৰু বেণ্ডেজ আনি, লভিতাৰ বুকত হাত দিয়ে।

লভিতা। মোক মোক—একো নকৰিবা—দৰব নিদিবা—মোৰ বুকুত গুলি লাগিছে। মই—আৰু বেছি পৰ নাথাকো। ভনীহঁত! যাবৰ সময়ত মোৰ অসম আইৰ মাটিৰে কপালত, এটা ফোঁট দিয়া—মোৰ দেশৰ মাটিৰে—ফোঁট-

৯৮