পৃষ্ঠা:লভিতা.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম অঙ্ক-৪ৰ্থ দৰ্শন
লভিতা
 
 

আহি মঞ্চত সোমায়-আৰু বৃটিছ গোৰা সৈন্য আহি সিহঁতৰ ওপৰত পৰে-আৰু ভীষণ যুদ্ধ হয়—এনেতে বিজুলী সঞ্চাৰে হাতত চঙীন লগোৱা বন্দুক লৈ ৰণ-ৰঙ্গিনী মূৰ্ত্তিৰে লভিতা আহি টিলাটোৰ ওপৰত থিয় হয়।

লভিতা। এখোজো নাহিবা। এখোজো নাহিবা। এখোজো পাছলৈ নাহিবা। আজিৰ যুদ্ধ জিকিবই লাগিব। অসমলৈ আগবাঢ়ি যাবই লাগিব। যুদ্ধ কৰা, যুদ্ধ কৰা-প্ৰাণপণে-শত্ৰুক ধ্বংস কৰা। আগবাঢ়া। জয় হিন্দ্—জয় হিন্দ-জয় হিন্দ্

আজাদ হিন্দৰ অসমীয়া সৈন্যবোৰে ভীষণভাবে যুদ্ধ কৰি—আকৌ বৃটিছ সৈন্যক খেদি মঞ্চৰ বাহিৰলৈ উলিয়াই লৈ যায় গৈ৷ লভিতাই আগবাঢ়ি সমুখলৈ আহি চিয়ঁৰি চিয়ঁৰি কয়।]

লভিতা। গাত এটোপা তেজ থাকে মানে—উশাহ থাকে মানে—যুজ কৰা—আজি গোটেই অসমীয়াৰ, গোটেই হিন্দুস্থানৰ সন্মান তোমালোকৰ হাতত—আগবাঢ়া,

এনেতে দূৰৈত জয় হিন্দ্ জয় হিন্দ্ শব্দ হয়। আৰু মেছিন গানৰ ৰু-ৰুৱনি বাঢ়ি যায় ৷

লভিতাই আঁৰৰ পৰা তাতে হৈ উৎকণ্ঠিত হৈ উত্তেজিত হৈ দূৰলৈ চাই থাকে। টিলাৰ ঘৰৰ পৰা মুখ উলিয়াই আন দুজন নাৰ্ছে কয়।

৯৭