পৃষ্ঠা:লভিতা.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
সমাপতি

নগা পৰ্ব্বতৰ নামনি। অসম ৰণখলি। দূৰৈত পাটকাই পৰ্ব্বত ৰিণিকি ৰিণিকিকৈ দেখা গৈছে।

বন্দুক বৰতোপ আৰু মেছিন গানৰ ৰু-ৰুৱনি, মাজে মাজে একোটা বোমা পৰাৰ ভীষণ শব্দ।

মঞ্চৰ সোঁমাজত এটা ওখ টিলা-টিলাটোৰ আগফালে দৰ্শকৰ ফালে পিঠি দি এদল, গোৰা সৈন্যই টিলাটোৰ আঁৰ লৈ মেছিনগান, বন্দুক, ‘ট্ৰেঞ্চফৰমেছন’ত অ’ত ত’ত থাকি চলাই আছে। সিফালৰ পৰা গুলি আহি আৰু হেণ্ড গ্ৰেনেড আহি এই গোৰা সৈন্যবোৰৰ মাজত পৰিছে। তাৰে এটা দুটা সৈন্য মাজে মাজে গুলি লাগি বাগৰি পৰিছে আৰু লুকাই থকা ‘ৰেডক্ৰছ’ৰ মানুহ আহি লৈ গৈছে।

সিফালৰ পৰা বন্দুকৰ শব্দ ওচৰ চাপি আহে হেণ্ড গ্ৰেনেডৰ কোব চৰি অহাত এই ফালৰ গোৰা সৈন্যবোৰে লাহে লাহে পাছ হুহুকিবলৈ ধৰে।

এনেতে সিফালৰ আজাদ হিন্দ্ ফৌজৰ এদল সৈন্যই উন্মুক্ত চঙীনেৰে হঠাৎ টিলাটোৰ ওপৰেদি ঢৌ বাগৰাদি বাগৰি আহি গোৰা সৈন্যবোৰৰ ওপৰত পৰে। গোৰা সৈন্য ছেদেলি ভেদেলি হৈ যায়, আৰু আজাদ হিন্দ্ সৈন্যৰ আগত তিষ্ঠিব নোৱাৰি হুহকি মঞ্চৰ পৰা ওলাই যায়, আৰু আজাদ হিন্দ্ সৈন্যও সিহঁতক পাছে পাছে খেদি গৈ মঞ্চৰ পৰা ওলাই যায়।

৯৪