পৃষ্ঠা:লভিতা.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[পঞ্চম অঙ্ক-৪ৰ্থ দৰ্শন
 

থৈছিল যে, আমি যদিও অন্তৰে অন্তৰে কথা বুজিছিলো—আমাৰ ভাৰতীয় ৰাইজে ভাৰতীয় সৈনিকসকলে ভাৰতীয় উচ্চ নীচ সকলোৱেই বৃটিছৰ হাতৰ পৰা নিজৰ দেশক মুকলি কৰিবলৈ বুকত জীয়াজুই পুহি আছিল, তথাপিও আমি একে তাৰ উপায় পোৱা নাছিলো ।

 এদিন ১৮৫৭ চনত ভাৰতীয় সৈন্যসকলে আৰু ভাৰতীয় ৰাইজে বৃটিছৰ বিৰুদ্ধে মূৰ ডাঙি উঠিছিল। কিন্তু আমাৰ দুৰ্ভাগ্যবশতঃ সেই অভিযানৰ চেষ্টা সকলো ব্যৰ্থ হ’ল। ঝান্সীৰ ৰাণীকে আদি কৰি কত বীৰ বীৰাঙ্গনাই সেই জুইত নিজকে জাহ দি–আমাৰ কাৰণে স্বাধীনতাৰ শলিতা নিজৰ বুকৰ তেজেৰে জ্বলাই থৈ গল। আজি এই পৃথিবীজোৰা মহাসমৰৰ বাবে আমি ভাৰতীয়ই যি এক মহান সুযোগ পাইছো; এই সুবিধাতে আমি আকৌ প্ৰাণপণে স্বাধীনতাৰ কাৰণে যুঁজিব লাগিব।

 আজি ভাৰতৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বত ভাৰতীয় জনতাই স্বাধীনতাৰ মহা সংগ্ৰাম চলাইছে। ১৯৭২ চনৰ বিপ্লৱৰ জুই এতিয়াও নুমুৱা নাই; কিন্তু আজি জনতাৰ এই স্বাধীনতাৰ অদম্য হেপাহ বৃটিছে সামৰিক বৰ্ব্বৰতা আৰু নিষ্ঠুৰতাৰে দমন কৰি আজিও ভাৰতবৰ্ষক ভৰিৰ তলত গচকি ধৰি আছে।

তেন্তে-তেন্তে ভাৰতীয় সৈনিক ভাইসকল! আজি আমি ভাগ্যৰ ফেৰত ভাৰতক অস্ত্ৰেৰে হলেও মুক্ত

৯০