পৃষ্ঠা:লভিতা.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম অঙ্ক-৪ৰ্থ দৰ্শন]
লভিতা
 
 

লেঃ বৰুৱা৷ চৰকাৰে সেই টকা ক’ৰ পৰা পায় জানেনে?

এজন সৈন্য। চৰকাৰে ৰায়তৰ খাজনা তুলি—

লেঃ বৰুৱা। তেন্তে আপোনালোকে দৰমহা পায় খাজনাৰ টকাৰ পৰা? সেই টকা ৰায়তে ঘটে, হাড়ক মাটি কৰি তেজক পানী কৰি খেতি-বাতি কৰি। ইংৰাজে বিলাতৰ পৰা আপোনালোকৰ দৰমহাৰ টকা নানে। আমাৰ মানুহৰ পৰা খাজনা তুলি সেই টকাৰেই আপোনালোকক দৰমহা দিছে। সেই টকাৰেই আপোনালোকে খাইছে, লৰা-ছোৱালীক পুহিছে। তেন্তে ভাইসকল! আপোনালোকে ৰায়তৰ নিমখ খোৱা নাইনে? অসমীয়া ৰায়তৰ নিমখ খাইছে। ইংৰাজ বিদেশী গৱৰ্ণমেণ্টৰ নিমখ খোৱা নাই। হয় নে নহয় বাৰু কওকচোন এতিয়া ৷

লভিতা৷ আপুনি কোৱা কথাবোৰ আমাৰ তাত গান্ধীৰ ভলণ্টিয়াৰবোৰে কৈছে। আমাৰ গাঁৱৰ ৰায়তসকলে বুজিছে। কিন্তু আমাৰ যিসকলে সৈনিক হৈছে, তেওঁলোকেও আজিকালি এই কথাটো বুজা হৈছে, কিন্তু বুজিও তেওঁলোকে একো কৰিবলৈ উপায় পোৱা নাই।

লেঃ বৰুৱা। সেই কাৰণেই আমি আজাদ হিন্দ্ ফৌজে তাৰ উপায় উলিয়াইছোঁ। নেতাজীয়ে তাৰ উপায় আমাক দিছে। ইমান দিন আমাক ইংৰাজে এনেকৈ বান্ধি-ছাটি

৮৯