সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঠেৰেঙা লগা শীতৰ মাজতে দুদিনৰ বৰতে অখোৰ দত্ত ঢুকাল। প্ৰিয়াৰ জীৱনলৈ নামি আহিল ঘনঘোৰ অন্ধকাৰ। কলৈ যাব তাই? ক’ত থাকিব। কাষৰ মানুহবিলাক আহিল, খবৰ ললে আৰু গুচি গ'ল। হৰিসেৱকে ঋতুমতি ওৰাং নামৰ বুঢ়ীজনী আনি প্ৰিয়াৰ লগত থলে। তাই কোনো নাই। বয়সচা এতিয়া তিনি কুৰিৰ ওপৰ হৈ গৈছে। কাৰবাৰ ছোৱালী এজনী আনি পালিতাৰূপে পাঁচ বছৰমান থকাৰ পিছত, তাই কোনোবা যুৱকৰ লগত কৰবালৈ পলাই পত্ৰং দিলে। তাৰ দুমাহ পিছতেই তাইৰ গাত দাইনী লতা বুলি দুজন ডেকাই বৰকৈ মৰিয়ালে। বুঢ়ী মানুহ শৰীৰৰ কষ্টত তেনেই শুকাই গ’ল, গা বিষত থেলথেলিয়া হ’ল। সেৱক আতাক কিন্তু মানে দেৱতাৰ দূত বলি। তেওঁৰ কথাতেই তাই আহি প্ৰিয়াৰ ৰাতিৰ আশ্ৰয় হ'ল। প্ৰিয়াক পাই তাইৰ জীৱনলৈ যেন এটি দিগন্ত পোহৰোৱা নতুন সূৰুয আহিল। “বুঢ়ী মা।” “কিৰে বাবা।” “তই এই ছোৱালীটিক নেৰিবি, নমৰা দিনলৈ ইয়াতেই থাক। খোৱা-লোৱাৰ চিন্তা নকৰিবি। ভগৱন্তে তোৰ ভাল কৰিব।” “বাবা, আমাৰ ভাগ্য। প্ৰিয়া এতিয়া আমাৰ নিজৰ বেটীৰ মত। ঐ আগেৰ বেটীটাকে আমি কত ভাল পাইহিসেঁ। তাই বেইমানী কৰিলে, মনেৰ লোক পাই আমাক এৰিছে। বাবা, ঐ বেটা আৰু?” “বুঢ়ীমা, সকলো ঈশ্বৰৰ ইচ্ছাতে হয়। তোৰ বেটা গুচি গৈছে, তাইৰ সুখৰ সংসাৰ হওক, ধৰ্মই নেক। ভগৱন্ত পুৰুষে তোক আকৌ নতুন বেটা দিছে। তই নেৰিবি।” [ do )