সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লাহে লাহে আয়ো আন কথালৈ আহে। কথাৰ মাজতে ৰগাৰাম আৰু সাধুৰ কথা ওলায়। “নিন্দাবাদত সাধুৰ খং উঠিল। পুলিচৰ মূৰতেই কোৰ সমাধাই দিলে। ভাগ্য ভাল, বেয়াকৈ খুন নহল।” বিপুলৰ কথাত জীৱনে হাঁহি মাৰি কয়, “তোৰ সাধু, আমাৰ বগাৰাম, সিপিনে ডিম্বে, এইসকল সৰু মানুহ হলেও মহৎ অন্তৰৰ লোক। চাবলৈ গলে, এওঁলোকেই প্ৰকৃত মানুহ।” “ঠিকেই মৰিবৰৰ ভয় নাই নহয় ইহঁতৰ।” “ভয় থাকিলে চিপাহী চন্তৰীৰ চকুত ধূলি মাৰি ই বগাৰামে এনেকৈ পলাই পত্ৰং দিব পাৰেনে? সি তেনেকৈ নহা হলে, ঘৰ সংসাৰ তেনেই উচ্ছন্ন হৈ গ'লহেঁতেন নহয়নে?” “ঠিকেই” বুলি কৈ বিপুলে নিজৰ কৰঙ্গনত দুটামান চাপৰ মাৰে। “তোৰ বগাযো হেনো এদিন চিৰিনাথ শইকীযাক গোৰ গোৰাই উঠিছিল, প্ৰায় গা-চুৱা অৱস্থা। তোক হেনা কিবা নিন্দা কৰিছিল।” জীৱনে এটি মিচিকিয়া হাঁহিৰে চিৰিনাথ শইকীয়াৰ নিন্দাবাদৰ বাতৰিটো পাতলাই পেলালে। তেওঁ একো নকৈ মাথা কলে, “বুঢ়া মানুহে কোৱা কথা ধৰিব নালাগে।” “ঠিকেই ভাই, কুকুৰে ভেউ ভেউ কৰিলেও হাতীয়ে গ্ৰাহ নকৰে।” কথাষাৰ কৈ বিপুলে এটি কৃত্ৰিম হাঁহি মাৰি উঠে আৰু নিজৰ কৰনত থাপৰ মাৰে। দুয়া ক্ষন্তেক নীৰৱে থকাৰ পিছতেই বিপুলে কয়, নিৰ্বাচনত প্ৰাৰ্থী থিয় নকৰা কথাটো এপিনেদি ভালেই হৈছে। ৰাইজ যিমান দিনলৈ সচেতন নহয়, সিমান দিনলৈ ধনীক আৰু পুজিপতিৰ দ্বাৰা গোপনে নিয়ন্ত্ৰিত দলেই জয়লাভ কৰিব।” ক্ষন্তেক ৰৈ তেওঁ মূৰ দুপিয়াই নিজেই আকৌ সমৰ্থনৰ সুৰত কয়, “ঠিকেই। নিৰ্বাচনৰ বেলটৰ বাকচ আৰু নিপীডিতৰ বিপ্লৱৰ বুলেটৰ গাজনি, কোনটো বেছি সত্য জীৱনে আকৌ এবাৰ ভাবি ভাবি চায়।” [ ১ ]