পনে নতুন গ্ৰাহকো দেখো দূষৰপৰা আহিছে। মুঠতে চলি যাব। ক্ষয়ৰামঅক্ষয় ক্ষমতা আৰু কেইদিন?” বিপুল নিজৰ কৰজনখনত দুটামান চাপৰ মাৰি কৈ উঠে, “মানুহৰ জীৱনৰ সৌন্দৰ্য্য হানি কৰিব পৰা ক্ষমতা ক্ষয়ৰামৰ নাইছে ভাই। যাক নিপীড়ন কৰি ৰৰ মানুহ হৈ সমাজৰ সম্পদ গ্ৰাস কৰিবলৈ ধৰা ক্ষয়ৰামক এই নিপীড়িত সকলেই যেতিয়া টেটুত কাল যমে ধৰা দি টিপি ধৰিব, তেতিয়া ক’ত ৰক্ষা আছে ক্ষয়ৰামৰ।” বিপুলৰ তপ্তবাক্যত জীৱন অনুপ্ৰাণিত হৈ উঠে। “পৃথিবী আজি যুগান্তৰ সূৰুযে দশোদিশে উলাই মুকলি কৰি আনিছে, কাৰ সাধ্য এন্ধাৰক ধৰি টানি ৰাখিবলৈ। পৃথিবী পোহৰ হৈ আহিছে। মানুহৰ বন্ধন শিকলি চিঙি গৈছে। সম্পূৰ্ণভাৱে সামাজিক সুবিচাৰৰ নীতি আৰু নিয়মৰ ওপৰত বিস্তৃত মহান মানৱ জীবনৰ সুন্দৰ সামাজিক জীৱন গঢ়ি তোলাৰ সময় আহি পৰিছে। ক্ষয়ৰাম সকল ক্ষয়হৈ যাব, অক্লান্ত সকল ক্লান্ত হৈ শক্তিহীন হৈ পৰিব। নতুন মানুহ আৰু নতুন সমাজৰ জন্ম হব। এইবোৰ জন, শুভ জন্মৰ আগ মুহুৰ্তৰ প্ৰসৱ বেদনাৰ বাহিৰে আৰু একোৱেই নহয়।” কিবা এটা অনুপ্ৰেনাৰে জীবনে কথাবোৰ কৈ যায়। বিপুলে কঙ্গনত চপৰিয়াই শুনি শুনি মূৰ দুপিযায়। “শ্ৰমজীৱী শক্তি সঘ পৃথিবীৰ সমস্ত শ্ৰমজীৱীৰ লগত সংহতি স্থাপন কৰিব। শ্ৰমৰ প্ৰতি শ্ৰদ্ধা, ৰাজহুৱা সম্পত্তি সংৰক্ষণ, সংগঠন আৰু সংবৰ্ধন, যৌথবাদী মনোভাৱ আৰু সহতি গঢ়ি তোলাই হব আমাৰ কৰ্ম আৰু কৰ্তব্য। বৈৰীতাপূৰ্ণ জাতীয়তাবাদ ত্যাগ কৰি সংহতিপূৰ্ণ মানৱতাবাদ প্ৰতিষ্ঠা কৰিব লাগিব।” বিপুল শুনে, কিবা বেদমন্ত্ৰৰ দৰে শুনে, দূৰত পোহৰ ৰিণি ৰিণি দেখা দেখা যেন লাগে। ক্ষন্তেক পৰ দুয়ো মনে থাকে। এচাটি মুহুৰ বতাহ দূৰৰ পৰা বৈ আছে। গছৰ পাতবোৰত বিৰ-ঝিৰকৈ এটি শব্দ হয়। [ do )
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৯৬
অৱয়ব