সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৱালাৰ এনে গোৰগোৰাই উঠি মহান কটুকাটব্য কৰি উঠা তেওঁৰ বহু দিনীয়া আখৰা সাধুৰ বৰ খং উঠিল আৰু এদাল মাৰিনে, “ভাল লোক বেয়া বাক্য বোল তহঁতে বুলি কোব মাৰি দিয়াত হো-হে কৈ তেজ ওলাই গ'ল। সাধুক হাতকেৰেয়া লগাই হাজাতত বন্ধ কৰি থলে। এই দুৰ্ঘটনাৰ বাবে মহাজনৰ বহুত পইচা খৰচ হল, অৱশ্যে শেষত হালদাৰ জনক দুহেজাৰ টকাৰ ক্ষতিপূৰণ দি কেচটো কোনমতে মিটমাট কৰিলে। ৰাজবন্দী হৈ থাকি ঘূৰি অহাৰ পিছত আগৰ দুই-চাৰি কাৰবাৰী বন্ধু মানুহে তেওঁৰ প্ৰতি থকা আগৰ অতি আপোন ভাব এৰি এটি আচহুৱা ভাবলোৱা তেওঁ অনুভৱ কৰিলে। তাৰ বাবে অৱশ্যে তেওঁৰ একো বেজাৰ নাই। তেওঁ কাৰবাৰ আৰু বঢ়াবলৈ ইচ্ছা নকৰি তাকেই কোনোমতে চলাই গৃহস্থীখন ৰাখিব পাৰিলেই যথেষ্ট বুলি ধৰি ললে। বন্দী অৱস্থাত তেওঁৰ মনৰ পৰিবৰ্ত্তনো ঘটিছে। কোনো দিন নভবা নুশুনা কথাৰে আলোচনা প্ৰসঙ্গত তেওঁ যোগ সন্ধিয়াপৰত তেওঁলোকে ক্ষন্তেকৰ বাবে গীত পদ গাইছিল। তাত বহু যত্নেৰে তেওঁলোকে এখনি কীৰ্ত্তন’ পুথি আনি লৈছিল আৰু সেইখনৰ দুটা দুটা কলি সুৰ লগাই পঢ়াৰ ভাৰ তেওঁৰ ওপৰতেই পৰিছিল। তেওঁ তাত আৰু দুই-এক কয়েদী লগ পাইছিল যাৰ অন্তৰবোৰ তেওঁ সঁচাকৈয়ে মহৎ বুলি প্ৰমাণ পাইছিল। এখন বয়সীয়াল গাৱৰ লোক। নগৰলৈ আহি সূতা কিনতে সূতা হেনো চুৰ কৰি ধৰা পৰিছিল। এইজন মানুহৰ লগত বিপুলৰ বৰ বন্ধুত্ব হৈ গৈছিল। মানুহজনক তেওঁ এদিন সুধিছিল, “আপুনি এই ঠাইলৈ অহাৰ বা কি কাৰণ হৈছিল?” “নক বাপ, দুখৰ কথা। চ'তৰ বিহু কাষ চাপি আহিছিল। ঘৰৰ মানুহজনীয়ে কয়, ফাগুনতেই কাপোৰ লগাব লাগে, জিলালৈ গৈ সূতা কিনি আনক। গলো জিলালৈ ছয়টি টকা লৈ। বাট দিছিল। [ bolon ]