নলবাৰীত থকাত নেই হল, আমাৰপৰা ওচৰ হৈছে। চিঠি এখন দে, এবাৰ ইয়াৰপৰা ফুৰি যাবলৈ। আৰু লিখিব পাৰ যে দৰ শৰীৰ বৰ বাৰু নহয়।” আপোনালৈহে দিছে চিঠি, আপুনিহে উত্তৰ দিব লাগে। এটি শব্দহীন হাঁহিৰে ওঁঠদুটি উজলাই প্ৰিযাই কয়। ইপিনে কিন্তু তলে তলে তেওঁলৈ লিখিবলৈও মন। “বাৰু বাৰু হব, তয়ো এখন লিখিবি ময়ো লিখিম। কাম হৈ যাব। সৎ ভাবত সকলো সিদ্ধি, লাগে মাথা সাহ, সাহৰ গুৰি কথা হৈছে—সৎ উদ্দেশ্য। সৎ উদ্দেশ্য জাগি উঠে সাধুজনৰ সঙ্গত, সাধু হৈছে হিংসাহীন উদাৰ লোক, উদাৰতাৰ আকৌ জন্ম হয় বিশাল বিশ্ব ব্ৰহ্মাণ্ডৰ অনুভূতিৰপৰা, এই অনুভূতিৰ বীজ থাকে মনত। তোমাৰ মন আছে, কৰিব, কৰোতাই কৰিব।” সেৱকদেৱৰ দীঘলীয়া কথাখিনিয়ে প্ৰিযাৰ মনত কিবা কবিতাৰ ভাষা যেন লাগিলেও, কথাৰ খাপবিলাক বজিবলৈ যত্ন কৰাত মনত বুজা বুজা যেন লাগিল। তেও উঠি গ'ল। প্ৰিযাযো লাহে লাহে ঘৰলৈ খোজ ললে। পূৰ এবছৰৰ পিছত বিপুল মহাজনক ফাটেকৰপৰা মুকলি কৰি দিয়া হ'ল। তেওঁ আহি ঘৰ পালে। তেওঁৰ ব্যৱসায়বোৰ চলি থাকিলেও, লাভৰ অংশ অনেক কমি গৈছে। কোনো কোনোৱে তেওঁ ৰাজদ্ৰোহী মানুহ বুলি ভয় কৰি কিছুমান কথাৰ বাবে লাহে সাহে আহিবলৈও এৰি দিছে। দুই-এজন ডেকা মানুহ তেওঁৰ কাষলৈ মাজে-সময়ে অহা হ’ল। তেওঁলোকৰ কথাবিলাক বিপুলৰ ভাল লাগি আহে। তেওঁৰ সকলোতকৈ অতৃপ্তিকৰ কথা এতিয়া হৈ পৰিছে মাজে মাজে তেওঁৰ ওচৰত পুলিচৰ উপস্থিতি আৰু দুই- এক কথাৰ তদন্ত। এদিন এজন হালদাৰ আৰু এজন পুলিচ নষ্টবল তেওঁৰ ঘৰলৈ তেওঁক বিচাৰি আহিছিল। মহাজনে তেতিয়া ঘৰত নাছিল। [ bora ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৯৩
অৱয়ব