পাই এমোন হৈ পৰিছিল শিল মেনিকি এই মহান লোক ননন কি দোষ হল যে কাকেত। এদিন তাই হৰি সেৱকৰ কাৰতেই বহি সুধিলে, “মা ফাটেকত মানুহবিলাকক কি কাম কৰিবলৈ দিয়ে? সেৱদেৱে হাঁহি মাৰি কৈ উঠে, “ম, ফাটেকৰ কথানোকামি কি জানিম? বগা বঙালৰ দিনত হেনো শিল ভাঙিবলৈ দিল, ঘানিত তেল পেৰাইছিল, এতিয়া শুনিছোঁ তেনে শ্ৰম নাই, নহলেও একো নকৰাকৈ ৰা ঘৰনো বন্দীসকলক এনেয়ে খুবনে। প্ৰণৱৰ কাৰণে তোৰ বোধহয় চিন্তা হৈছে। সি এলালো ডেকা নহয়, সি দৰকাৰ হলে সকলল কৰিব পাৰে। বৰপেটাত ভাঙৰ হৈ অহা ল'ৰা, লাগ বুলিলে বৰ-টুলীয়াৰ লগত তাল বাবও পাৰে, ভাও দিয়াৰতো তাৰ কথাই নাই। গীতত গাব পাৰে। থেয় খেয় হতা খিতা বাজনাৰ লগত কঁকাল ঘূৰাবও জানে। কি কৰিব তাক জেলত থৈ?” “কিমান দিন ৰাখিব?” “ৰজাঘৰৰ ইচ্ছ। আই। ভীম অৰ্জুনক যতুগৃহত থোৱাৰ দৰে সুমুৱাই থব পাৰে আৰু বিহুৰক খেদাৰ দৰে খেদি দিবও পাৰে। ৰজাৰ ক্ষমতাৰ সীমা নাই। তেওঁ পঢ়ি থকা পুথিখনৰ পাত বগৰায়। “তেওঁৰ কি দোষ হৈছিল আতা?” “হেঃ দ্ৰৌপদীৰনো কি দোষ হৈছিল যে ৰাজসভাত বিবস্ত্ৰা কৰিবলৈ যত্ন কৰা হ’ল? ৰজাৰ ধৰ্ম্ম নাই বাচা, সেযেই মোৰ গুৰু জনে ৰজাক শৰণ নিদিলে।” শেষৰ কথাখিনি তাই ভালকৈ নুবুজিলেও আৰু প্ৰশ্ন নকৰি মনে মনে থাকিল। সেৱদেৱে মনে মনে পঢ়ি গৈ থাকিল। প্ৰিয়াৰ মনলৈ নানা কথাৰ সেঁত আহিলেও, তাৰ মাজতেই প্ৰণৱৰ মুখখন উজ্জ্বল হৈ তাইৰ চকুৰ আগত ভাহি উঠিল। সি সিহঁতৰ ঘৰত কেনেকৈ কথা কৈছিল, কেনেকৈ বহিছিল, কেনেকৈ [ bare ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৯১
অৱয়ব