“ক, কোৱাৰ ৰূ আপোনাৰ আছে, কিন্তু কি হৈ আছে তাৰু নানি, যেনেতেনে মন্তব্য দিয়া উচিত নহয়।” ঠিকেই কৈই, কিন্তু কি কৰিম? বুঢ়া আৰু ল'ৰা সমান, কি ভাৰি কিবা কৈ পেলা। যা বাপা বেয়া নাপাৰি। তেওঁ খুলি সোৱা ছাতিটো অপাই কাতলীৰ তলত সুমুৱাই লয়। বগাই এটা কৃত্ৰিম হাঁহি মাৰি কলে, “এ, ময়ো জাপোনক টান কথা কলো,, অৱশ্যে আপুনি গালি পাৰিলেও, মই মনে মনে যাব লাগিছিল। মোৰো নানা চিন্তাত থাকি খং উঠি গ'ল। ক্ষমা কৰিব।” “তুমি গৰীব হলেও, অতি মহৎ বুলি মই জানো। যোৱা, যোবা, মোৰ বৰ অভাৱ, পাৰিলে কেতিয়াবা সহায় কৰিবা।” তেওঁ আৰু নৰৈ বেগাবেগিকৈ খোজ ললে। বগাৰামেও বেগাই গৈ প্ৰেছ পালে। সি গৈ পোৱাৰ লগতেই ইদেৱীক ভিতৰৰ পিছ পিনলৈ সোমাই যোৱা দেখিলে। তেওঁৰ মুখখন বহুত ক্ষীণাই যোৱা দেখি বগাৰ মনত বৰ আঘাত লাগিল। দীঘল হুমুনিয়াহ এটি তাৰ ওলাই আহিল। সি অনুভৱ কৰিলে ঠাইখিনিৰ গোটই বায়ুমণ্ডল যেন বিষন্ন হৈ উঠিছে। বিপুল মহাজনৰ ছোৱালীৰ লগত প্ৰণৱৰ যি বিয়াৰ কথা অযযাধ্যা মাষ্টৰে পাঙিছিল, সেইটো হৈ নুঠিল, কাৰণ অভিনয়ৰ দলৰ পৰা তেওঁকে আটক কৰি থলে। মন্ত্ৰী অক্লান্তদেৱে তেওঁক মোকালাই আনিবলৈ যত্ন কৰিছিল যদিও, প্ৰতিজ্ঞাপত্ৰ লিখি দি ওলাই আহিবলৈ শেষত তেওঁ মাস্তি নহল। হলেও মন্ত্ৰী মহোদয়ে তেওঁৰ পূৰ্বৰ বন্ধুত্বক সুৱৰি মহাজনক মাজে সময়ে খবৰ কৰি থাকিল। মন্ত্ৰীযে খা-খবৰ লোৱাৰপৰা অৱশ্যে অকল মহাজনৰেই নহয়, দলৰ আন আন লোকৰৰ উপকাৰ হ’ল, জেইলাৰ আৰু তেওঁৰ বা-বিষয়া, লগুৱা- লিচৌৱে এই মানুহখিনিক কিছু শ্ৰদ্ধাৰ চকুৰে চাবলৈ ধৰিলে। প্ৰিয়াই অভিনয়ৰ দলৰ লগতেই প্ৰণৱৰৰ কাৰাদণ্ড হোৱা বুলি [ 18 ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৯০
অৱয়ব