এতে হি কেউ নিদিলে। ইমামেৰ পোনে পোনে বেগাই গো। তেওঁৰ খোৰোৰ আজিও ডেকা মানুহৰ দৰেই। [ so ] আহিনৰ মাহ। বতৰ একেবাৰেই মেঘমুক্ত। প্ৰভাতী পৰ। ৰঙা সূৰ্যটো অপূৰ্ব সুন্দৰী নাৰীৰ কপালৰ ৰঙা সেন্দুৰৰ ফোটটোৰ দৰে ওপৰলৈ উঠি আহিছে। অক্লান্ত ডাঙৰীয়াৰ সিদিনা উঠাত অলপ দেৰি হৈছিল। কাৰণ আগৰাতি শোৱতে তেওঁৰ প্ৰয় ৰাতি দেড় বাজিৰ লগা হৈছিল। নিৰ্বাচনখন ওচৰ চাপি অহাৰ লগে লগেই তেওঁৰ গাত তৎ নোহোৱা হৈছে। সিদিনা ৰাতিপুৱাৰ সূৰুটো দেখি কিবা এটা উৎসাহত তেওঁৰ মনটো নাচি উঠিল। এই বেলিও তেওঁ মত্ৰী হবই লাগিব। টান কথা কিদহলাখ টকা তেওঁৰ হাততেই এতিয়া আছে, বৰ বেচি লাগে আৰু দলাখ। আঠলাখ আগৰৱালা আৰু জালাল- হঁতৰপৰা, দুই লাখ খাৰ খোৱা হঁতৰপৰা, বেচ হৈ গল। ভাৰতীয় ৰাইজক তেওঁ নচুৱাব পাৰে, নেতাবোৰ কিনিব পাৰে, আৰু বা- বিষয়াক ধমকত পিলাই কঁপাই দিব পাৰে। মনতেই তেওঁ ভাৱে নতুন বেলিটিয়ে তেওঁক যেন আজি তাকেই কৈছে। হেলো, মই খয়োম। নমস্কাৰ। নমস্কাৰ। বগা নামৰ মানুহজন দেখো এতিয়াও বাহিৰতেই থাকিল। তাক বন্ধ কৰি থব নোৱাৰিলে বৰ দিগদাৰ হব। হব। সেইবিলাকৰ কাৰণে একো নহয়, নাভাবিব। আন কামবোৰ কৰক মাথো। হৰিসদাগৰৰ হলাৰ পাঁচটাৰ পাৰ্মিট এতিয়াও অহা নাই। চৌধুৰীক যেনে তেনে সেই কোৱামতে মৌজাদাৰ পাতি দিব লাগে। [ 9 ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৮২
অৱয়ব