সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“ভাল ল এইটো লিকাছে। মা কাত হয়েটি বাম। “ইয়াৰ পৰা লৈ বাৰ “বিহুৰীত সোমাম। মৌজদাৰে মাতি আছে। তাতেই এটা ৰাতি খাকি মানবাটওদালগুৰি-হৰিশিত এই ৰিলাৰু এদিন দিন ৰৈ ঘৰ পাম। “তেনেহলে এসপ্তাহত আহিব?” “দুসপ্তাহ হব দিয়া। ওইহে যেতিয়া কাপ ধূৰি পৰি যাম। পেলন পোৱা মানুহ, ঘৰতেই বা কি কৰিম?” “থিকেই।” দুয়ো খাই বৈ উঠিল। শইকীয়াদেৱে ৰান্ধনী বৰত সোমাই ইটো-সিটো বহু চাই চাউলৰ কলহটো দেখিলে। সম্পূৰ্ণ একলহ চাউল। তেওঁৰ মনলৈ লোভৰ সোঁত এটি বৈ আহিল। “চাউল দেখো বহুত? দুই কেজিমান লৈ যাওঁ দিয়া।” কথাষাৰ কৈয়ে তেওঁ তিনি কেজিমান চাউল জোলোঙা এখনত ভৰাই ললে। “ললো দিয়া অলপ।” “লওক, নিয়ক যি লাগে।” “বেচি নালাগে দিয়া, দুই কেজিমান ললো।” তেওঁ চাউলখিনি বান্ধি লৈ বহা কোঠালৈ আহি তেওঁৰ টোপোলা- টোৰ মাজতেই সেইখিনি সোমাই লৈ হাতত লাঠি আৰু হাতি লৈ যাবলৈ ওলাই “তিনিটা টকা দিয়া” বুলি কওঁতেই প্ৰণৱে আন কোঠালৈ গৈ তিনিটা টকা আনি তেওঁৰ হাতত দিলে। বাৰৰ সময়ত কলে, “ঈশ্বৰে তোমাৰ ভাল কৰক আৰু যেই-সেই হলা কাম জীৱনৰ প্ৰেহলৈ পঠিয়াই চোৰাংচোৱাৰ অনুসন্ধান পাত্ৰ নহৰা। নাও দিয়া।” “ভাল।” [ ut ]