এই অলটো বৰ ধুনীয়া। ফাকাল বতৰ উত্তৰ পিনৰ পৰ্বতৰ বৃটো বৰ মনোম। আমি সকলো খবৰ পাইছে। বহুত দল থাকি দেশত একো লাভ নাই। আমাৰ যুৱ সংখই বিপ্লৱী প্ৰগতিশীল দলতেই মাৰ যাবলৈ ঠিক কৰিছে। তিনিটা দলতকৈ বেছি দল থকাটো দেশৰ কাৰণে মঙ্গলজনক নহয়। যি দল জনসাধাৰণৰ ৰাজনৈতিক অগ্ৰগণী বাহিনী আৰু জনসাধাৰণৰ সাৰ্থক মূল তত্ত্ব কৰি লব পাৰে, সেই দলেই জনসাধাৰণৰ দল। ইয়াত সংগঠনৰ কাম অলেখ আছে। কিছুমান কামলৈ আপোনাৰ তালৈ যাব লাগিছে। চিঠিখন পঢ়ি শেষ কৰি জীৱনে এই ডেকাজনৰ কথা ভাৰে। নতুন ভাব আৰু কৰ্ম্ম-স্পৃহাত অনুপ্ৰাণিত এই ডেকাসকলক দেশৰ প্ৰকৃত কামত লগাব পাৰিলে দেশৰ উপকাৰ হব, জনগণৰ কল্যাণ হব। যেতিয়ালৈ সমাজত বিৰোধী অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক স্বাৰ্থৰ দল শক্তিশালী হৈ থাকিব, সিমান দিনলৈকেই ৰাষ্ট্ৰ হৈছে, ধৃতৰাষ্ট্ৰ আৰু তেতিয়ালৈ ধৃতৰাষ্ট্ৰৰ দুঃশাসনত জনসাধাৰণত আৰ্তনাদ সমাজ আকাশত ধ্বনি আৰু প্ৰতিধ্বনিত হৈ থাকিব। এনেতে বগা সোমাই আহি কলে,-“ককাইদেউ, এজন গ্ৰাহক আহিছে।” “গৈছে।” তাতেই জীৱনৰ ভাৱধাৰাৰ সামৰণি পৰিল। তেওঁ চিঠিখন ফাইল এটাত থলে আৰু হাতেলিখা নাটকখনো বান্ধি থৈ ওলাই আহি হে পালেহি। [ bo ] প্ৰণৰে টোপনিৰ পৰা সাৰ পাইয়ে খিৰিকিখন মেলি চাই দেখে ৰে পূৰৰ সূটো ৰা হৈ উঠি আহিছে। কিবা এটা নতুন ৰূপ দেখি সি যেন চক খাই উঠিল। নগৰৰ ভিতৰত
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৬৬
অৱয়ব