= এনে এখন নাটক কৰিব নোৱাৰিলে যি নাটক অভিনয়ত মানুহে সমাজৰ অন্যায়, অত্যাচাৰ, উৎপীড়নৰ বিৰুদ্ধে বিলোই কৰি উঠিব, হেৰোৱ মনু পুনৰ সঞ্জীৱিত কৰি তুলি, সমাজ বিৰোধ নৱক টেটু চেপি শেষ কৰিবলৈ অনুপ্ৰেৰণা পাৰ, দেৱৰ বানি মনু জনমক সুন্দৰ কৰি তুলিবলৈ আহি বিচাৰি পাব।” বিপুলৰ যেন আৰু কিবা কথা আছিল আৰু কিবা-কিৰি ভাৱ মনৰ ভিতৰত মৰি উঠিছিল, কিন্তু সেই ভাৰবোৰ প্ৰকাশ কৰিবলৈ তেওঁৰ ভাষাৰ অভাৱ হৈছিল। জীৱনে মূৰ দুপিয়াই গহীন ভাৱে কৈ উঠিল,-“আছে হ- যুগান্তৰ পূৰু উঠিব আৰু পৃথিবী তেতিয়া পোহৰ হৰ।” তেতিয়া প্ৰেহৰ ঘিৰ বিৰণি উঠিছে। সেই শব্দ শুনি জীৱনৰ মনটো ভাল লাগি যায়। অনুপ্ৰেৰণা আহে যেন মানৱ জাতিৰ বাবে তেওঁ বিপুল ভাৱে কাম কৰি যাব। চাকৰিৰ দিন কেইটা অনাহকতে গ’ল বুলি তেওঁৰ ধাৰণা হৈ আছে। সেই অমূল্য দিনবোৰ যেন তেওঁ ওভাটাই আনিব—এনে হাবিস জাগি উঠে। আৰু ক্ষন্তেক বহি বিপুল উঠি যায়। জীৱন তাৰ পৰা উঠি গৈ তেওঁৰ লিখা-পঢ়া কৰা ৰুমটোত বহে। কোঠাটো সৰু। তাত মেজ এখন আৰু চকি দুখন আছে। এখনি সৰু চেফত কিছুমান কিতাপ। বেৰত কেলেণ্ডাৰ এখন অ আছে। সমুখেদি লুইতকেঁৱৰ বিষ্ণুপ্ৰসাদ ৰাদেৱৰ প্ৰতিচ্ছবি এখন। কোননা ৰাজনৈতিক নেতাৰ চিত্ৰ আদি তাত নাই। জীৱনে বহিয়েই তাত সেই হাতে লিখা নাট যুগান্তৰ সূৰুযৰ পাত অত ত’ত পঢ়ি চাই দুটা-এটাকৈ পাত বগৰাইছে। তিনিজন মানুহ একেলগে একে সময়তে বিভিন্ন ঠাইৰ পৰা আহি জেলৰ কয়েদি । তাতেই চিনা পৰিচয় হল তিনিওৰে। কচি আদ-বয়সীয়া, গহীনৰ যৌৱনৰ দিনৰোৰ প্ৰায় শেষ হৈ আহিছে, চান্দ [ ৫৭ )
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৬৩
অৱয়ব