এমটাজ নাত লগা পেট্ৰোল পা জিৰ পাৰিট, তেওঁৰ দুজন নদ-লীৰ নামত খোজা বাহাটীত চিটি হন, মখমাত বহুৱাব খোজা খান বনা হলাৰ দুটা, বঙাইগাওঁৰ পৰা পাঁচ মাই আঁতৰত চাপাৰীৰ উত্তৰে সমবায় কৃষিৰ বাবে বিচৰা এশ বিশ্ব মাটি, ইয়াৰ বাহিৰেও আৰু সৰু সৰু কথা বহুত। “জানেই নহয়, মুকুম হোৱাৰ পিছতো ৰঙাকিতাৰ আহোতে এদিনৰ কামটোত এমাহ হয়। চব হৈ গৈছে। হৈয়ে থাকি। কিন্তু মধা কালে হলাৰ পতাটো ভাবি চাৰ। মিটিঙৰ খবৰ দেখো পাইছেই।” মন্ত্ৰীৰ কথাষাৰ শুনিয়েই খয়ৰামে কৈ উঠিল, “পুলিচৰ লাঠিৰ কোবত বেটাহঁতক ঠিক কৰি দিয়াম, গোলমাল কৰিব?” অক্লান্তদেৱে হাঁহিলে, এটি অৰ্থপূৰ্ণ হাঁহিৰে হাঁহিলে। খয়মেও তেওঁৰ নীৰ হাঁহিটো প্ৰকাশ কৰি ভৰি দুখন লাহে লাহে নচুৱালে, শিল্পীৰ অনুপ্ৰেৰণাত নহয়, মুদ্ৰাদোষৰ অজ্ঞানতহে। অঞ্চলৰ আন মানুহহ আহি মন্ত্ৰীৰ লগত দেখা সাক্ষাৎ হয়। তেওঁ সকলোৰে লগত হাঁহি আৰু অতি আপোন ভাৱ দেখুৰাই কথা কব জানে, সেয়ে মানুহে কিবা বিচাৰি আহিলেই, পিছত কামটো হওক বা নহওক সেই সময়ত সন্তুষ্ট হৈ যায়, নহলেনো ১৯৪৭ চনৰ পিছৰ পৰাই আজিলৈ তেওঁ মন্ত্ৰীপদত অধিষ্ঠিত হৈ থাকিব পাৰেনে? সাধাৰণ মানুহৰ লগতে তেওঁৰ উঠক-বৈঠক আছে। এই পিনে আহিলেই তাহানিৰ শৰৎ মণ্ডলৰ ঘৰত আজিকালিৰ শৰৎ ঠিকাদাৰৰ ঘৰলৈ এবাৰ যায়। বিয়াল্লিচৰ আন্দোলনৰ সময়ত মন্ত্ৰীদেৱে আত্ম- গোপন কৰি থকা কালত মাজে-সময়ে নিশা ইয়াত জিৰণি লৈছিল। তেতিয়াৰ পৰাই শৰতৰ পত্নী মালতীৰ লগত তেওঁৰ বৰ ভাল। মন্ত্ৰী অনুগ্ৰহতেই শৰৎ আজি এজন চহকী লোক। তেওঁৰ ল'ৰাই চৰকাৰৰ খৰচত আমেৰিকাত ইঞ্জিনিয়াৰিং পঢ়িবলৈ সুযোগ ইছে। মন্ত্ৰীৰ লগতে তিনিজনীয় বিশেষজ্ঞ দল এটি লৈ পাগলাদিয়াৰ [ 48 ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৬০
অৱয়ব