সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উঠছিল, কেন কোনোবা হিংসুক দুৰ্যোখনৰুহে তেওঁলোকে বিতেই এজমা কৰিব। এনেদৰেই চেতনা আৰু প্ৰেৰণাৰ মাজেৰে সেই সভা পাৰ হৈ গল। চাৰিওপিনৰ লোক চাৰিওপিনে গুচি গ'ল। মানুহ ভাগি যোত স্থানীয় লোকৰ মন কিছুদিনলৈ উৰুঙা উৰুঙা লাগিল। দুই- চাৰিয়ে সন্দেহ কৰিছিল যদিও যে এনেধৰণৰ সভা-সমিতিয়ে ৰাইজৰ মাজত বিশৃঙ্খলতাৰ সৃষ্টি হব, লুটপাত আৰু ডকাইতি হব, ঘৰত অগ্নিসংযোগ হব, এনেবোৰ একো নোহোৱাত তেনে বিবাসীৰ মনত অসন্তোষেহে দেখা দিলে। তেওঁলোকে নাজানে যে বিপ্লৱৰ অৰ্থ বিশৃলতা নহয়। চিপাহী-চন্তৰী তাত প্ৰায় এমাহ আছিল। পিছে, কোন বে-আইনী কাৰ্য নোহোৱাত তাৰ একাংশ চৰকাৰ আন ঠাইলৈ লৈ গল। পথাৰৰ একাংশ উদং হৈ পৰিল, শ্ৰমজীৱী ৰাইজেও দেখিলে সৃষ্টিশীল জীৱন, দুশ্চিন্তা আৰু বাধা-বিঘিনি হীন উন্নত জীৱনৰ সপোন। বাযু-পানী-মাটি ভগৱানৰ উদাৰ দান, ইয়াত ব্যক্তিগত মালিকী স্বত্ব কেতিয়াও থাকিব নোৱাৰে। যৌথবাদৰ মনোভাৱেৰে ইয়াৰ সৎব্যৱহাৰ কৰিলেহে মানুহৰ কল্যাণ সাধন হব পাৰে, বহুতৰেই বিশ্বাস কমি আহিল এনে দৰেই। ইয়াৰ কেইদিনমান পিছতেই মন্ত্ৰী অক্লান্ত তিনিদিনীয়া ভ্ৰমণ সূচীৰে নলবাৰীলৈ আহিল। খয়ৰাম ডাঙৰীয়াই লগত দুজন নন্দী- তৃতী লৈ মন্ত্ৰীক সাক্ষাৎ কৰি অঞ্চলৰ বহুত গোপন বাতৰি তেওঁৰ আগত দাঙি ধৰিলে। বিপুল মহাজন আৰু জীৱনৰ কাৰ্যাৱলীৰ এটি সম্পূৰ্ণ তথ্য আগবঢ়ালে আৰু লগত ইয়াৰ প্ৰতিকাৰৰৰ ইংগিত লগে লগে দি গ'ল। গহীনভাৱে মন্ত্ৰীয়ে তেওঁৰ কথা শুনিলে। তেওঁৰ বগা টুপীটোৰ তলত ঘামৰ টোপা ওলাই লুকাই লুকাই থাকিল। ৰাজহুৱা কথাৰ বাহিৰেও, খয়মে আৰু কিছুমান কথা মৰ আগত দাঙি ধৰি কিছু অসন্তুষ্টিৰ ভাৱকেই প্ৰকাশ কৰিলে। তাৰেই [ ৫ ]