সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নকেৰে এৰ এজোৰ সশস্থ চিপায় বাড়িতেই আহি এ মাইল ততেই কেশ কৰি বন্দুক বায়োনেটেৰে সাজু হৈ আছিল। মানুহে নজনাকৈ বহুত চোৰাংচোৱাই হেনো অঞ্চলটোত তহল দি ফুৰিছিল। বেচি ভয় খাইহিল ৰূপা মহাজন আৰু বৰলা মহাজনে। অল- টোত তেওঁলোকৰ মানুহে ধনী বুলি কয়। পৃথিবীৰ ধনীৰ আগত তেওঁলোেক একোৱে নহয়। কথা হৈছে, গছ নোহোৱা ঠাইত এই বা গছৰ দৰে নিকিন সমাজত তেওঁলোকেই আঢ্যন্ত। কোনোবা এজন গোপনে হেনো তেওঁলোকক বুজাইছিল যে তেওঁ লোক প্ৰকৃততে শ্ৰমজীবীয়েই। হলেও, ধনী নেদেখা মানুহে তেওঁলোককেই ধনী বুলি ধৰি লৈ আক্ৰোশৰ ভাৱেৰে চোৱাটো অন্যৱিক কথা নাছিল। তেওঁলোকেও ভয় খাইছিল আৰু কিবা অপকাৰ হব বুলি গোপনে অধিবেশনৰ বাবে বৰঙণি দিছিল। অধিবেশনত বৃটিচ ৰাজত্বক নিন্দা কৰা হৈছিল। সেই কলঙ্কিত ৰাজত্ব ঘটি উঠা শশাষণ, অত্যাচাৰ আৰু বুৰঞ্জী বিকৃতিকৰণক তীব্ৰ ভাবে সমালোচনা কৰা হৈছিল। ক্ষমতাৰ খকত ভাৰতক খণ্ডিত কৰা চৰ্ত্তত দেশৰ শাসনভাৰ গ্ৰহণ কৰোতে ধনী আৰু বুৰ্জোয়া নেতাসকলক অভিসম্পাত দিছিল। ধৰ্মৰ দোহাই দি অল ৰাইজক উন্মাদ কৰা নেতাসকলৰ মুখত থু-থুৱাইছিল। বিপ্লৱৰ সকলো অৱস্থা পৈণত হৈ মুঠাৰ বাবেই তেতিয়া ক্ষমতা সৰ্ব জনতাৰ হাতত নপৰি, পৰি গ'ল এক শ্ৰেণীৰ মানুহৰ হাতত। বৃটিচৰ বিৰুদ্ধে সেই শ্ৰেণীয়ে বিদ্ৰোহ কৰিলেও, তাৰ উদ্দেশ্য আছিল বৃটিচ ৰাজ্যৰ পৰিবৰ্তে সেই এক শ্ৰেণীৰ ৰাজত্ব স্থাপন কৰা। সেয়েই সৰ্বজনতাই সাম্ৰাজ্যবাদীৰ বেহু ভেদ কৰি ক্ষমতা দখল্ কৰিবলৈ অপাৰগ হল। যি মুহূৰ্তত কুন্তীৰ দেহ উদৰৰ পৰা ভীমৰ জন্ম হয়, সেইদিনাই দৃষ্টি- হীন গান্ধাৰীয়ে সঁচি থোৱা কুম্ভ উদৰৰ পৰা দুৰ্য্যোধনৰ জন্ম হৈ পৰে, হলেও ভীমৰ হাতত দুৰ্য্যোধনৰ উৰুভ কাভাবিক। এইষাৰ কথা ওলোৱাত ৰাইজে হাত চাপৰি দি গিৰণি মাৰি [ ৫২]