এজনো োেমোৱা নাছিল। আপোনাৰ পদধুলিত আমাৰ টোৱেই গৌৰৱাৰিত হৈ উঠিছে। ইয়ালৈ আহে ঔষধ বিচাৰি বসুৱা জাতিৰ কিকিচিয়া কলা মানুহ কিছুমান, গাত গাখীৰ আৰু গ গোন্ধ ওলাই থকা নেপালী আৰু কেতিয়াবা মদ খাই চকু যা হৈ থকা ইয়াৰ চাবেক বাসিন্দা। কিন্তু আজি আপুনি?” প্ৰিয়াই প্ৰণৱৰ পিনে দৃষ্টি কৰি দূৰলৈ চায়। “নহয় প্ৰিয়া, তুমি ভুল বুজিছ, সেই মানুহ বিলাকেইতো প্ৰকৃত মানুহ। আমাৰ দৰে সিহঁতৰ ভণ্ডামি নাই। যেতিয়া সিহঁতৰ খং উঠে, সিহঁতেই খঙকেই প্ৰকাশ কৰে, যেতিয়া সিহঁতে তোমাক ভাল পাৰ, সিহঁতে বুকুৰ মাজলৈ টানি নি মৰম কৰিব। সিহঁতেই ৰাইজ, নিহতেই জনতা, সিহঁতেই নৰপী নাৰায়ণ। কিন্তু আমি?” প্ৰণৱৰ মনলৈ বেজাৰৰ ভাৱ আহি যায়। প্ৰিয়াই ভাৱে—তাইলৈ প্ৰণৱৰ হয়তো মৰম থকা সত্ত্বেও তাইক বুকুৰ মাজলৈ আঁজুৰি নি নাই, সেয়েই বোধহয় উচ্চ মানুহৰ সঙ্কোচ, তাকেই তেওঁ কৈছে ভণ্ডামি বুলি। অলপ পিচতেই প্ৰণৱ উঠি গৈ বিচনাখনতেই বহি পৰিল। প্ৰিয়াৰ বুকুখন প্ৰথমতেই ঢপঢপাই উঠি লাহে লাহে শান্ত হৈ পৰিল। “তোমাক মোৰ সদায় মনত থাকিব। এই ক্ষন্তেকীয়া সময়ে মোক অপাৰ আনন্দ দিছে, এতিযা যাওঁ বলা।” প্ৰিয়াৰ চকুজুৰি হঠাতেই চচলীয়া হৈ উঠিল। “মনত বেজাৰ কৰিলা যে?” প্ৰিয়াৰ দুয়োচকুৰে দুটোপ চকুপানী ওলাই পৰিল। প্ৰণৱে তাইৰ গাত হাত বুলাই সুধিলে, “কিয় বেজাৰ কৰিলা সোণ? কিবা বেয়া পালা নেকি?” “নাপাওঁ আপোক যে আৰু কেতিয়া লগ পাম? মোৰ বাবে বাবা চিন্তা। সেৱক আতাৰ লগত বাবাই মোৰ কেতিয়াবা বিয়াৰ আলোচনা কৰা কাণত পৰে।” [ ৪৭ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৫৩
অৱয়ব