নিষেধ। তেতিয়া দেখাতকৈ তাই যেন আকৌ বেছি ধুনীয়া হৈছে। হৰি- সেকৰ ঘৰত তাই নিঃসয়েছে সকলো পিনে সোমায়। সাধাৰণতে সত্ৰৰ নিয়ম অনুসাৰে তিৰোতা মানুহ উদাসীনৰ বহাত সোমোৰা সৰু সৰু ছাত্ৰ-ছাত্ৰী সকলোৱে কিন্তু বহাৰ বুন্দি-খুন্দি থকা দেখি তাৰ মনত ভাল লাগিল। নিজ কোনো নাথাকিলেও এইসকলেই যেন তেওঁৰ পা-পো। সকলোবিলাকেই তেওঁক সম্বোধন কৰে সেৱক আতা’ বুলি। সম্বোধনটো প্ৰণৱৰ বৰ ভাল লাগিল, কিন্তু সি সেই আগৰ আতা সম্বোধন বুলিয়েই তেওঁক সম্বোধন কৰিলে। ঠাইখিনি উত্তৰ পিনেদি ভোটান পৰ্বতৰ সুন্দৰ দৃশ্য। দুইফালে চাই-বাগান, দক্ষিণৰ পিনে নেপালী, কাছাৰী আৰু বনুৱাকাতি গাওঁ। মানুহৰ বসতি পাতল। কিন্তু উৰণীয়া মানুহ আহিয়েই আছে। বনুৱা মানুহখিনিয়ে হৰিসেৱকৰ পৰা কৃষ্ণনাম গ্ৰহণ কৰিছে। আগতে দুই-চাৰি কাছাৰী মানুহে আহিছিল, এতিয়া পাতলিছে। নেপালী মানুহ কেতিয়াবা আহে আৰু দেৱালয়ত সেৱা কৰাৰ দৰে সেৱা কৰি যায়। “আমাৰ ঘৰলৈ এবাৰ বলক। আপুনি অহা খবৰ বাৰাই পাইছে।” প্ৰিয়াৰ কথাষাৰে প্ৰণৱৰ যেন কাণত অমৃত বৰষে। “নিশ্চয় যাম। আতা নাযায় জানো?” “তেওঁ গৃহস্থ, আপনি যে আমাৰ আলহী। গৃহহ গলেও যাব, নগালেও নাই।” প্ৰণৱে তৎক্ষণাৎ মনতেই ভাবিলে—হয়তো প্ৰিয়াই তেওঁক অকলেহে লগ পাবলৈ বিচাৰিছে। বান্ধনী ঘৰৰ পৰাই সেৱকে মাত লগালে, “ঐ পিপি, তেওঁক তহঁতৰ ঘৰলৈ এবাৰ লৈ যা। ধীৰ কৰি খুৱাবি।” “শুনিছে, আপোক আজিয়েই নিনিলে, তেওঁ মোক শলি পাৰিব।” ‘ম তেনেহলে [ 30 ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৪৯
অৱয়ব