নপৰে। হাজাৰ হল। এটি পা আছে নহয়। মই এদিন সকালত সেওতা লেগেই ই বিলাসিতা মৰিব এথিকা বুলি যিদৰে পিতাই ওজন-গন কৰিলে, সিদিনাৰ পৰাই সে ফলা বাদ দি এনে দৰে মূৰ আছো কৰিলো।” তেওঁ কথাখিনি কৈ মূৰৰ চকৰৰ পৰা কপাললৈ হাতেৰে চুলি- খিনি দেখুৱালে। দাস বাপেকৰ অতিপাত পিউৰিটানী কথা শুনি জীৱনে মৃদু হাঁহি এটা মাৰিলে। “সেই সময়ত বিলাসিতা তেওঁলোকে মুঠেই ভাল পোৱা নাছিল, কিন্তু আজিকালি তেনেকুৱা কিছুমান কথা বিলাসিতাৰ ভিতৰতেই আমিয়েইতো শিশুসকলক স্কুলত শিকালে মূৰ আচুৰি আহিবা বুলি।” “সেই কাৰণেইতো সময়ৰ লগত নীতি-নিয়মৰ পৰিবৰ্তন হয়।” “ঠিকেই বেদৰ পৰিবৰ্তন নাই, বিধিৰ পৰিবৰ্তন আহে।” মূৰ দুপিয়াই দুপিয়াই দাসে কয়। “ব্যাসৰ বেদ, বুদ্ধৰ বেদ, যীশুৰ বেদ, শ্ৰীমন্ত শঙ্কৰৰ বেদৰ মৰ্মবাণী একেই, অপৰিবৰ্ত্তনীয, কিন্তু সকলোৰে বিধি একে নহয়। আমি মাত্ৰ চাব লাগে যে যাতে ব্যক্তিগত কচিয়ে সমাজৰ দ্বাৰা গৃহীত নৈতিকতাৰ বিৰুদ্ধাচৰণ নকৰে। কিন্তু কিছুমান কথা আছে যেনে, কোনো কোনো মানুহে আজৰি পৰত তাঁচ, পাশা বা দাবা খেলায় নাইবা হস্ত-বিচাৰকৰ ওচৰত বহি হাত চাই ভাগ্য নিৰ্ণয় কৰিবলৈ বিচাৰে, এইবিলাক কথাত তেওঁলোকক হয়তো সমালোচনা কৰিবলৈ আমাৰ একো নাথাকে। কিন্তু জীৱনৰ কথাখিনি শেষ নৌহওঁতেই দাসে কৈ উঠিল, “সেই- বিলাকৰ বাবে আপত্তি বা আলোচনা নাথাকিলেও এইটো ধুকপ যে তেনে আজৰিৰ আমোদে সমাজৰ একো উন্নতি সাধন কৰিব নোৱাৰে। আজিকালি নগৰ বিলাকত তীড়-খেল ওলাইছে। বৰ বৰ বিষয়া, মন্ত্ৰী, ৰাজনৈতিক ধুন্ধৰেও হেনন সেই খেত গা চালি [ 0 ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৪৫
অৱয়ব