“লিখকৰ ৰাৰে নিৰ অত্যন্ত দৰকাৰ। কাম কৰি উঠি বিশ্ৰাম লৰ পাৰিলেহে নতুন ভাৱ হৃদয় প্ৰবেশ কৰিব পাৰে। দাসে নিজৰ জীৱনৰ বিৰামহীন পৰিশ্ৰমৰ কথা ভাবে। পঁয়ত্ৰিশ বছৰ শিক্ষকতা কৰি টিউচন কৰি এদিননা যেন জীৱনত শাবি লবলৈ সময় নাপালে। অৱসৰৰ পিছদিনাই তেওঁৰ পকেষ্ট। দিনকেইটা কোনোমতে টানিটুনি চলিল। আদৰ্শ শিক্ষক বুলি মানুহে তৈওঁক প্ৰশংসাও কৰিলে। বাক্যৰ প্ৰশংসাত মানুহৰ পেট নভাৰে। এই পঁয়ত্ৰিশ বছৰৰ আগতে তেওঁ তেল-লোগ—দালি লৈ দোকান এখন আৰম্ভ কৰা হলেও হয়তো, আজি তেওঁৰ এনে নাটনি নহলহেঁতেন। পঁয়ত্ৰিশ বছৰ এজন মানুহে সমাজৰ সন্তানসকলৰ বাবে খাটিলে, কিন্তু তাৰ বিনিময়ত বৃদ্ধ বয়সত চলিবলৈ সমাজে তেওঁৰ কি ব্যৱস্থা কৰিলে। দাসৰ মনলৈ কেতিয়াবা এনে ভাৱ আহি যায়। দুয়ো ওলাই যায়। এনেতে লগ পালে প্ৰণবক। “চাৰ।” “ক’ৰ পৰা আহিলা?” “নবাৰীৰ ঘৰৰ পৰা। আপোনাক লগ পাব লাগে।” “দিনতেই নাহিলা কিয়?” ‘দিনত? মোৰ ওপৰত এতিয়া তীব্ৰ নজৰ। “বলা তেনেহলে আমাৰ তালৈ যাওঁ।” দাসদেৱক বিদায় দি দুয়ো আগবাঢ়ে। “তুমি যে হঠাতেই এনেকৈ আহি পাবা?” “বলক চাৰ ঘৰতেই আপোক সকলো কথা কৈ এই ৰাতিতেই মই উভতি যাম।” “তিয়েই?” “ধানৰ ট্ৰাক এখন বাৰ বজাত ঘূৰিব।” [ ৩১ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৩৭
অৱয়ব