বী শােক। কঠোৰ শ্ৰমৰ মাজেলি ডে জাতি থিয় হৈছে। তেওঁৰ পিতৃৰ বৰ দুখতেই দিনবােৰ গৈছে। ইৰাজ চকাৰৰ দিনত তেওঁ- লােকে মানুহ হৈ থিয় হবলৈকেই কোনাে সুযােগ নাপালে। অক্লান্ত বাহিরে কোনাে ৰাজনৈতিক লােককেই নির্বাচনত ধনেৰে তেওঁ সহায় কৰা নাই। মন্ত্রীজনে নানা ফন্দিৰে তেওঁক সহায় কৰাতহে দুপইচা তেওঁৰ হাতলৈ আহিছে, কিন্তু প্রত্যেক শ্রমজীবী লােককেই নিজৰ দেশৰ গৰাকী বুলি অনুভৱ কৰাব পৰা অৱস্থাৰ সৃষ্টি কৰিব লাগে। সংখৰ সত্যসকলে বিপুলৰ কথাত সমর্থন জনাই বাট চাবলৈ উপদেশ দিলে। এদিন সুজুৰ সন্ধিয়া। জীৱন আৰু তেওঁৰ পত্নী ইৰা তেওঁলােকৰ ঘৰৰ চাদত বহি গল্প কৰিছে। বহুতদিনীয়া কথাবােৰ তেওঁলােকে উলিয়াইছিল। চাকৰি জীৱনত থাকোতে বহুতৰেই লগত তেওঁ- লােক নিবিড় বন্ধুত্ব হৈছিল। তাৰেই কিছুমানৰ খবৰ একেবাৰেই নাপায়। দুই এজনৰ পৰা এতিয়াও চিঠিপত্র আহে। ল’ৰা বা হােৱালীৰ বিযাত কোনাে কোনােৱে এতিয়াও ছপা চিঠি পঠায়। অতীতৰ সোঁৱৰণীবিলাকে তিতা-মিঠা উভয়কে কেতিয়াবা আনি দিয়ে। কথাৰ মাজতেই ইই হৰি সেৱকৰ চিঠিখনৰ কথা উলিয়ালে। “খাই উঠাৰ পিছতাে উছৱনাথ আহি পালে পুনৰ চৰুটো নতুনকৈ ধুই ভাত দাইল ৰন্ধা হয়। যি কেইবিধ আচাৰ থাকে সকলােৰে এটুকুৰকৈ দিযা হয়, কাৰণ তেওঁ নিৰামিষি। পিছে দেখিলে, তেওঁ হেনন আপোনাৰ বদনামহে গাই ফুৰিলে। আকৌ চিৰিনাথ শইকীয়াক মাতি নি সভাপতি পতাই দিয়ে, কিমান খুৱায়, পিছে কি কৰিলে?” নিৎসাহৰ ভাৰত ইৰাই কয়। “কক দিয়াছে, কওঁক দিয়া , বুজা নাছিলো। উদেয় উদাসীন লোেক, পৰিত্ৰাহকৰ দৰে ঘূৰি ফুৰে। ঘৰলৈ আহিলে, এই খাটো আমাৰ কৰ্তব্য। শইকীয়াদেক বয়সীআল মামীলােক ( ২৬ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৩২
অৱয়ব