তেওঁলােকে পাহে হে খোকটে। বিশেৰুক চিনি পায় প্রিয়াই শােনে। “খুৰ ভালকৈ জানাে। আমাৰ সকালত আমাৰ সকলােৰে তেওঁ আজ আহিল। সেই অঞ্চলত যে তেওঁ থাকে জাননা, যােবাহে নাই।” “এবাৰ ওলাবচোন সিপিনে। তেওঁক সকলে ল'ৰা-ছােৱালীয়ে তাত সেৱক আতা বুলি মাতে। অতি মহৎ লােক।” ব্যস্ততাপূর্ণ বাটেৰে তেওঁলােক হােটেলৰ পিনে আগ বাঢ়ি যায়। '[ 8 ] সমাজত আজি চাৰিওপিনে জুই জ্বলিছে। ১৯২১ চনৰ পৰা আৰম্ভ হােৱা বিপ্লৱ অগনি ১৯৪২ চনত চূড়ান্ত ৰূপলৈ শেষ হােৱা বুলিয়েই দেশৰ সৰহ সংখ্যকেই ভাবিছিল। তেন্তে ১৯৪৭ চনৰ পিছত কিয় আকৌ দেশত জুই জ্বলে। দেশ স্বাধীন হ’ল, ৰাইজ নির্বাচিত প্রতিনিধি মিলিত হৈ গণতন্ত্রৰ ৰচনা কৰিলে, তেনেস্থলত ৰাইজৰ মাজত যুৱক শ্ৰেণীৰ মাজত, ছাত্ৰৰ মাজত জুই জ্বলে কিয়? তথাপিও, এই জুইৰ মাজেদিয়েই সমাজৰ প্ৰগতিৰ লৌহ-চক্ৰ হিৰ হিৰ গিৰ-গিৰকৈ অসমতাক মষিমূৰ কৰি আগ বাটে। ইতিমধ্যে জীৱনে দুজনী ছােৱালী বিয়া দি বহুত মুকলি হৈ পৰিছে। ডাঙৰ ল'ৰাটোও তেওঁৰ এককম খুটি খাব পৰা হৈছে। তেওঁ নিজৰ ঘৰৰেই একাংশত প্ৰেছ এটা থাপনা কৰি পূৰ্ণ উদ্যমে সাংবাদিকতাৰ কামত লাগাে বুলি মনস্থ কৰি কাম আৰম্ভ কৰিছে। ইয়াৰ ভিতৰতেই শ্রমজীৱী শক্তি সংঘৰ সংগঠনে দেশত এটি নতুন বাতাবৰণৰ সৃষ্টি কৰি আহিছে। বিপুল মহাজনে নিতে তাত যােগ নিদি মাথাে টকাৰে সহায় কৰে বুলি আগবাঢ়ি অহাত সংঘই তেনে সাহায্য অস্বীকাৰ কৰিলে। তথাপিও মহাজনে আত সমর্থন জনাই কলে যে তেওঁ এত এম- [ ২৫ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৩১
অৱয়ব