| 1 মানে মেনেজাৰ আৰু এগৰৰ কথা বতৰা কিছু নিলে। পইচাখিনি উলিওৱাৰ লগে লগেই মানুহজনে বিস্ময় তাত কৈ পেলালে, “আপোনা অসমৰ মানুহ বুলি ভাৰিবই নোৱাৰি। সঁচাকৈয়ে অসম বিচিত্ৰ দেশ। কামৰূপীয়া বেজে যে বিদেশক ভেড়া কৰিছিল থিকেই।” “আপোনাৰ বৰ?” “ঘৰ বুলিবৰ কবলৈ গলে আমাৰ এতিয়া একোৱেই নাই ৰাধীনতাৰ আগত আমাৰ ঘৰ পূৰ্ববঙ্গৰ ৰংপুৰত আছিল। ভঙাৰ পিছতেই আমি ইয়ালৈ আহিলো। এই ছোৱাণীটিৰ জন্ম হল কোচবিহাৰত। তাতেই তাইৰ মাক মৰিল। মাক মৰাত পূবলৈ আহি কচুগাঁওত থাকিলো। তাতে স্থানীয় কোনো কোনো লোকে দৌৰাত্ম কৰাত ক্ৰমাৎ পূবলৈ আহি ৰঙিয়া, খৈৰাবাৰীত ৰৈ হৈ গলো ডিমাকুচীৰ ফালে। তাতেই দুকঠামান মাটিত পজা সাজি হোমিওপ্যাথিক ডাক্তৰী কৰি জীৱ দুটি জীয়াই আছে। ভগৱানৰ ইচ্ছা তাত শঙ্কৰ ভক্ত সাধু এজনে আমাক বৰ সহায় কৰিছে।” একেলগে ইমানখিনি কথা শুনিবলৈ মেনেজাৰৰ ধৈৰ্য্য নাছিল যদিও, মানুহজনক বাধা দিব নোৱাৰি সকলো কথা শুনি গ'ল। বাপেকে কথা কৈ থাকোতে ছোৱালীজনীয়ে মেনেজাৰৰ মুখলৈ চোৱাৰ লগে লগেই প্ৰণৱৰ মুখলৈও চাইছিল। ডিমাচীৰ কথা কোৱাত প্ৰণৱৰ শিশুকালতেই লগ পোৱা হৰিসেৱক নামৰ লোক এজনলৈ মনত পৰিল। “সেই সাধুজন কোন?” প্ৰণৱে প্ৰশ্ন কৰিলে। “তেওঁৰ নাম হৰিসেৱক। তেওঁ সৰুকৈ তাত এখন আশ্ৰম পাতি আছে। পূৰ্বতে বাগানত কুলি কাম কৰা অতি গৰীৱ মানুহ কিছুমান তেওঁৰ শিষ্য।” “অ' বুজিছো, মামাহঁতৰ ঘৰত থাকি স্কুলত পচা সময়তেই তেওঁক লগ পাইছিলোঁ, তেতিয়া তেওঁক আমি বহুত হই আতা বুলি মাতিছিশো।” ২২ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/২৮
অৱয়ব