সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“চৰকাৰী লেন খোৱা সাধুকথাৰ নেই বুচা শটো আৰু মই নহয়, মই এতিয়া এজন বিপ্লবী তাণ্ডবী।” জীৱনে তেওঁৰ মুখৰ পিনে চাই। এনেদৰে দুযযা কথা পাতি থাকোতেই হঠাতেই আহি পাৰ প্ৰণৱ আৰু প্ৰিয়া—দুটি পাতৰ মাজত যেন এটি সুন্দৰ ফুল। “নমস্কাৰ, নমস্কাৰ।” “হাৰে, হঠাৎ এনেকৈ। বৰ ভাল সমযতেই আহিলা, আহা, আহা, হা।” দুয়ো বহে। শইকীয়াদেৱে এটি তীব্ৰ দৃষ্টিৰে দুয়োৰৰ পিনে চাই হাঁহি হাঁহি কয়, “বেচ মিলিছে, একেবাৰে ৰাম সীতা যেনহে হৈ পৰিছে। ভগৱানে তোমালোকৰ জীৱনবোৰ সুন্দৰ কৰক।” প্ৰিয়াই শইকীয়াদেৱৰ চৰণত সেৱা জনায়। “নালাগে, হৈছে। বৰ ভাল। বৰ মনোম। কিন্তু দেশ আৰু সমাজক নাপাহৰিবা। গীব সকলকো অনাদৰ নকৰিবা। পিছে আমাৰ জলপান কেতিযা হব, খবৰ দিবা।” শইকীয়াই কথাখিনি কওঁতে জীৱনে দুষোৰৰ পিনে চাই বৰ সুখ পায়। সঁচাকৈয়ে যেন দাম্পত্য-প্ৰণয-জীৱনৰ এদালি বিৰিখত লগা দুটি সুৰভিত ফুল। ইৰ ভিতৰৰপৰা সোমাই আহে। “এয়া প্ৰণৱৰ পথৰ লগৰী।” জীৱনে কয়। ইৰাই তেওঁলোকৰ দুয়োৰ বিয়াখনৰ খবৰ আগৰেপৰাই পাই আছিল। তেওঁ আগবাঢ়ি আহি প্ৰিয়াক গাত ধৰি, ‘আহা ভিতৰত ৰহা বুলি কৈ আদৰি লৈ গ'ল। ইৰাৰ মুখ মণ্ডলত বাৰ্ধক্যৰ চিন পৰিছে যদিও দীঘল নাক আৰু সৰু কপালখনৰ সৌন্দৰ্য্য এতিয়াও মাৰ যোৱা নাই। চুলি দুই-এদাল মাজে মাজে পকিলেও দীঘল- চুলি কোচাৰ খোপাটো এতিয়াও শুৱনি হৈ আছে। দুয়ো মাই যাওঁতে জীৱনে ইৰাৰ পিনে এটি চেনেহৰ দৃষ্টিৰে চাই ৰ'ল। [ ১৩৫ ]