“ককাইদেউ, আমাৰ আভা আহিছে।” জীৱনে মূ দাঙি দেখে বগাক। “অ', কি হল?” “শইকীয়া আতা।” “অ’ আপুনি, আহক, আহক।” শইকীয়া কাষতলিৰপৰা লাঠিদাল আৰু ছাতিটো ৰৈ লাহেকৈ সোখে, “ভাল নহয় বোপা?” “ভালেই, বহুতদিন আপোনাৰহে খবৰ ল’ব পৰা নাই। লিখা কাম কেনে চলিছে?” “আজি কালি কিছুমান ভাব যে অহা হৈছে, বৰষুণ অহাৰ দৰে দেখো হিৰ, হিৰাই আহে, শৃঙ্খলিত ভাবে ধৰি প্ৰকাশ কৰিবলৈকেই নোৱাৰে। বোপা, তুমি যে মহৎলোক এতিযাহে সম্পূৰ্ণ বুজিছে। অভাৱ-অভিমোগত বুদ্ধিৰ স্থিৰতা হেৰাই যায, বেয়া নাপাবা। এইবেলি বিপ্লৱী বুঢ়াৰ ভাও থকা নাটক এখন লিখি উলিওৱা, সেই ভাওটো মই লম। বুঢ়া হলেও, এতিযা আৰু মোৰ মৰিবলৈ মন নাই।” “নিশ্চয় আপুনি জীয়াই থাকিবই লাগিব এশ বছৰলৈ। আপোনাৰ এশ বছৰীয়া জীৱনীয়ে এটা নিপীড়িত জাতিৰ জীৱনী হ’ব। আপোনাৰ জীৱনী মই লিখিম।” শইকীয়াদেৱৰ মুখত অপুৰ্ব জ্যোতি যেন ভাহি উঠে তেওঁৰ সেমেকি যায, অন্তৰত আনন্দৰ সিহঁৰণ জাগে। “ব্যক্তিক ডাঙৰ কৰিব পাৰিলেহে জাতি এটি তাঙৰ হয়। পূৰ্ণ উদ্যমেৰে লিখা কাৰ্যত লাগি য’ক। আপোনাৰ সুদীৰ্ঘ অভিজ্ঞতাৰপৰ আপুনি যি লিখি যাব, সেযেই বিশ্বসাহিত্য হ’ব।” শইকীযাদেৱৰ দুই চকুৰপৰা দুৰ চকুপানী বাগৰি আহে। তেওঁৰ দৃষ্টিহীন চকুটোৱেও যেন দৃষ্টি লাভ কৰে। চকুপানীখি তেওঁ চুৰিয়াৰ আঁচল এটিৰে মচি ললে। [ ১৩ ] | 1 চকু দুটি
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১৪০
অৱয়ব