সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্যাগ কৰা আৰু চান। জীৱনৰ কাৰ্যসূচী ঠিকেই হ'ব। যদিহে কম লােঙ নকর।” অক্লান্ত ডাঙৰীয়াই গহীন হৈ পৰে। “তেওঁৰ তেনে আকাভা নাই। মানুহজন প্ৰদেশ অনুৰাগ আৰু দীন-দুখীৰ প্ৰতি বৰ দৰদী। অন্তৰখন তেওঁৰ মহান আৰু অতি উদাৰপন্থী।” “হয়, আমি সকলােৱে লগ হৈ কাম কৰিব পাৰিলেহে ভাল। উগ্রপন্থীক আমাৰ দেশৰ মানুহে ভয় হে কৰে। গান্ধীৰ পন্থাই উত্তম। আমি পূৰ্বৰেপৰা গান্ধীবাদী, সেয়েই আমাৰ কৰ্মও গাভীবাদী। আমাক পুঁজিপতিৰ বন্ধু বুলি ভবাটো মুঠেই উচিত নহয়।” “হয়, হয়” বুলি বিপুলে এটি কৃত্রিম হাঁহি মাৰি নিজৰ কৰজনত কেইটামাত্ৰ চাপৰ মাৰে। জীৱনৰ প্ৰেছ তেতিয়া হি-হিৰাই চলি আছে। ঋজুনাথ দাসে আলােচনীখনৰ প্রুফ চাইছে। বগাৰ কাম নানা ৰকমৰ, কম্পােজিটৰৰপৰা চৌকীদাৰীলৈ। সি সঁচাকৈয়ে এজন মহান কর্মী। নিতৌ বেলিটো ৰঙাহৈ উঠে আৰু ৰঙাহৈ মাৰ যায় । জীৱনে সেই ৰঙা সূর্যটোৰ পিনে চায়। কেতিয়াবা পলকহীন হৈ চাই ৰয়। নিজৰ জীৱনৰ বুৰঞ্জী আদিৰপৰা অন্তলৈ সেঁৱৰণ কৰে। কত সুখৰ কথা, কত দুখৰ বেদনাৰ কথাবােৰ ছবি ৰৈ হৈ তেওঁৰ চকুৰ আগত ভাহি উঠে। মানৱ জীৱন সুন্দৰ হয় আনৰ ব্যর্থত নিজক বিলাই দিব পাৰিলে। তেওঁ উপলব্ধি কৰে এই সত্যটো। যুগে যুগে পৃথিবীলৈ দানৱৰ দল যেন ক'ৰবাৰপৰা নামি আহে, কিন্তু সেই দানৱৰ হয় যুগে যুগে পৰাজয়। এন্ধাৰ নামে সঁচা, কিন্তু যুগান্তৰ সূৰুযে নতুন কিৰণৰ লগত নতুন জীৱনৰ সুৰ লি দিয়ে, পৃথিবী হয় মুক্ত, প্ৰাচুৰ্য্যশীল আৰু আনন্দময়। সেই যুগ যেন আজি আহি পৰিছে।••• [ ১৩৩ )