সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এটি মুক্তি হৈছে। ঠায়ে ঠায়ে গত পানী উঠিলেও সেই পানীত আহিছে শক নন ৰন কৰি তোলাৰৰ শক্তি। তাৰ মাজতেই হি হিই গিৰ গিৰাই আহিছে একোজাক বৰষুণ। একেলেবাৰীয়ে তিনি দিন বৰষুণ হৈ যোৱাৰ পিছত সিদিনা ৰাতি পুৱাতে ৰতৰ ফৰকাল। দিনৰ নতুন সূযটো নতুন ৰাঙলী বহন লৈ পূব আকাশত প্ৰকৃতিক তপত চুমাৰে ৰঙীন কৰি তুলিছে। চিৰিনাথ শইকীয়াই সূকযৰ পূৰ্বেই টোপনিৰপৰা উঠি পানীৰ তলৰপৰা চাৰি চুকীয়াকৈ চপৰা কাটি উলিয়াইছে। ভিঠাটোৰ তিনি পিনেই পানী। পশ্চিমৰ পিনেদি চৰকাৰী ৰাস্তাটো, বাকী তিনি পিনেই এতিয়া পানী উঠি আহিছে। পানীৰ তলৰপৰা এনেদৰে কাটি উলিওৱা চপৰা ভিঠাত তুলি যাব পাৰিলে ভিঠা খহি নাযায়। এনেদৰেই তেওঁ কঠোৰ শ্ৰমেৰে নিজৰ ভিঠা বহলাবলৈ যত্ন কৰিছে। মাজে সমযে গীত পদো তেওঁ দুই-এষাৰ গাই যায়। কাটি পেলোৱা সাহিত্যিক পেঞ্চনটোৰ বাবে তেওঁৰ এতিয়া বেজাৰ নাই। প্ৰথম ল'ৰাটো অসমীয়া বিষ্যত প্ৰথম শ্ৰেণীত পাচ কৰি নতুনকৈ হোৱা কলেজ এখনত অধ্যাপক হৈছে। দ্বিতীয় ল’ৰাটো তেওঁৰ ঘৰৰপৰা ওলাই যাবলৈ আজি পোন্ধৰ বছৰৰ পাৰ হৈ গ'ল। এতিয়া মৰাণ অঞ্চলত মাটি-বাৰীলৈ বেচ যোত্ৰৱন্ত মানুহেই হৈছে, লগতে মাধৱ ৰংপি নামৰ ক্ষমতাশালী মানুহ এজনৰ ছোৱালী বিয়া কৰাই অঞ্চলৰ ৰাইজৰ মাজত ভালকৈয়ে শিপাই লৈছে। তৃতীয়টো হাইস্কুলৰ শেষ পৰীক্ষাত পাচ কৰি পুলিচৰ হালদাৰ হৈছে। গতিকেই, এতিয়া চিন্তা তেওঁৰ কিছু কমিলেও, অভাৱৰ ভাবটো তেওঁৰ মনৰ মাজৰপৰা নাযায়। দুটি নিশা হাজোতত কষ্ট পোৱাৰ পিছত জীৱনে জামিনত লৈ অহাত জীৱনৰ প্ৰতিও তেওঁৰ এতিয়া পূৰ্বৰ ভাবৰ সলনি হৈছে। তেওঁৰ প্ৰেছৰ পিনে এতিয়া তেওঁ মাজে সময়ে নিজেই গৈ সকলো -খবৰ লয়। ইতিমধ্যে তেওঁ জীয়া” নামৰ গৱৰ পুথি এখন [ ১ ] সি হেনন