সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিলাহী এন পিনে চাই সাবোগানে ক'লে, “সেই 'শ হাক আহিবলৈ মানা কৰি তে।” চিপাহীজনে চিঞৰি ল'ৰা দুটাক ক'লে, “তোমালোক পাছে পাছে নাহিবা ঘূৰি যোৱা, আহিলে জগৰ লাগিব, যোৱা।” ল’ৰা দুটাই চকু মোহাৰি মোহাৰি উভতিল। শইকীয়াদেৱৰ অন্তৰখন কৃদকাই গ'ল। তেওঁক গ্ৰেপ্তাৰ কৰা বাতৰি নগৰখনত ৰজনজনাই উঠিল। গ্ৰেপ্তাৰ আচল কাৰণ বহুতেই জানিব নোৱাৰিলে। কিছুমানৰ মাজত এটা বাতৰি প্ৰচাৰ হ’ল যে তেওঁ হেনো কোনোবা এখন গাৱঁত নিজে ৰচা দুটা বিপ্লৱী গীত কেইজনমান ল'ৰা-ছোৱালীক শিকাই আছিল। সেই গীত দুটাত হেনো বৰ্তমান ৰজাক ভাঙি, ৰাইজকে ৰা পাতিব লাগে, ৰজা থাকিলে শাসন থাকে, শাসন থাকিলে শোষণ থাকিবই, শোষণ থাকিলে সামৰ শান্তি স্থাপন কেতিয়াও হব নোৱাৰে, এনে ভাব প্ৰকাশ পাইছিল। চোৰাং চোৱাৰ ৰিপোৰ্টত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰসকলৰ মাজতে ঠিক এনে উৰ বাতৰি এটি প্ৰচাৰ হোৱাত ছাত্ৰ-ছাত্ৰীৰ দল এটা শোভা-যাত্ৰা কৰি আহি থানাৰ সমুখত নি কৰিলে,-চিৰিনাথ শইকীয়াৰ মুক্তি লাগে, বে-আইনী গ্ৰেপ্তাৰৰ বিচাৰ লাগে, অসমীয়া জন-সাহিত্য জিন্দাবাদ।” হঠাতেই এই ধ্বনিবোৰ শুনি শইকীয়াদেৱে প্ৰথমতে উচাপ খাই উঠিল, কিন্তু অলপ পিছতেই তেওঁ সেই শব্দত অভিভূত আৰু অনুপ্ৰাণিত হৈ পৰিল। অলপ পিছতেই সেই দাৰোগাজনে তেওঁৰ কাষলৈ আহি হাঁহি মাৰি ক'লে, “ছাত্ৰবিলাক আপোনাৰ কাৰণে লাগি গৈছে, সিহঁতক বুজাই-বঢ়াই পঠিয়াই দিলো। আপোনা বিবৃতি লোৱা হৈয়ে গৈছে। এতিয়া আপোনা কোনো দায়িত্বশীল মানুহ আহিলেই কামিনত দিব পাৰিম। মেজিষ্ট্ৰেটৰ হুকুম হৈ আছে।” শইকীয়াদেৱৰ গ্ৰেপ্তাৰৰ আগদিনাই জীৱন প্ৰহৰ কামত ৰাতি ১২৬ ]